ড° নুৰ ইছলাম শইকীয়াই ভাষিক হত্যাকাণ্ড আৰু ভাষিক আত্মহত্যাৰ কথা উল্লেখ কৰি অসমীয়া ভাষা বর্তমানেও সুৰক্ষিত বুলি কয়।
ড° নুৰ ইছলাম শইকীয়াই ভাষিক হত্যাকাণ্ড আৰু ভাষিক আত্মহত্যাৰ কথা উল্লেখ কৰি অসমীয়া ভাষা বর্তমানেও সুৰক্ষিত বুলি কয়।
ৰাজ্যৰ আন প্ৰান্তৰ দৰে কটন বিশ্ববিদ্যালয়তো পালন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day)। সােমবাৰে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পালন কৰা আন্তর্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি পৃথিৱীৰ ভাষিক বৈচিত্র্য, সংকট আৰু সংৰক্ষণ শীর্ষক এখন সভা অনুষ্ঠিত হৈ যায়।
ছাত্রী তুলিকা গগৈৰ কণ্ঠত বৰগীতেৰে সভাৰ শুভাৰম্ভ ঘটে। সভাৰ উদ্বোধন কৰে ড° মহেশ্বৰ কলিতাই। সভাৰ উদ্বোধন কৰি তেওঁ মাতৃভাষাৰ গুৰুত্ব আৰু সংস্কৃতিৰ লগত ইয়াৰ সম্পর্ক ব্যাখ্যা কৰে। সভাৰ মুখ্য বক্তা ড° নুৰ ইছলাম শইকীয়াই পৃথিৱীৰ ভাষিক বৈচিত্র্যৰ ব্যাখ্যাৰে অসমৰ ভাষিক প্রেক্ষাপটৰ বিভিন্ন দৃষ্টিকোণ দাঙি ধৰে (International Mother Language Day celebrated at Cotton University।
ড° শইকীয়াই ভাষাৰ বিপন্নতাৰ প্রসংগত ভাষিক হত্যাকাণ্ড আৰু ভাষিক আত্মহত্যাৰ কথা উল্লেখ কৰি অসমীয়া ভাষা বর্তমানেও সুৰক্ষিত বুলি কয়। লগতে তেওঁ আমাৰ ভাষাৰ প্রতি থাকিব লগা দায়বদ্ধতাৰ কথা কৈ ভাষিক গােষ্ঠীয়ে ভাষাক লৈ গৌৰৱ কৰিব লাগিব বুলিও উল্লেখ কৰে। সভাৰ সঞ্চালনা কৰে ড° দীপঞ্জলি দাস গােস্বামীয়ে। সভাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|