মুখ্যপৃষ্ঠা »খবৰ »অসম »International Mother Language Day : বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৩ পালন

International Mother Language Day : বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৩ পালন

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে কাৰ্যসূচী

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে কাৰ্যসূচী

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে কাৰ্যসূচী

  • Share this:

মহান ভাষা শ্বহীদ আৰু আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৩ মঙলবাৰে গুৱাহাটীতো পালন কৰা হয়। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচী বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালৰ সহযোগত আয়োজন কৰা হয় (International Mother Language Day 2023)।


গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ (Cotton University) সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মহান ভাষা শ্বহীদ আৰু আন্তৰ্জাতিক মাতৃভাষা দিৱস ২০২৩ৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত। আনহাতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, শিল্পী পুলক বেনাৰ্জী, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ লগতে সহকাৰী উচ্চায়ুক্ত বাংলাদেশৰ ৰুহুল আমিন আৰু তেওঁৰ সহধৰ্মিণী নৱনীতা হকো অনুষ্ঠানটোত উপস্থিত থাকে।


মঙলবাৰে ভাৰত-বাংলাদেশৰ (India-Bangladesh) যুগ্ম প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে মহানগৰীৰ কটন বিশ্ববিদ্যালয় চৌহদ। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰত আৰু বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত ড০ ননীগোপাল মহন্ত আৰু বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষা সংৰক্ষণৰ ওপৰত ব্যক্তব্য ৰাখে।

শেহতীয়া বাতৰি