অসমত বিজেপি দলটোৰ ভিতৰচ'ৰাত তীব্ৰ অন্তৰ্কলহ সৃষ্টি হোৱা বুলি বিস্ফোৰক মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে। অসমৰ বিজেপিত যদুকুল ধ্বংসৰ আখৰা আৰম্ভ হৈছে বুলি মত ব্যক্ত কৰি গোস্বামীয়ে আৰু কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বালিলৈ নিক্ষেপ কৰা শৰপাট এতিয়া সুগ্ৰীৱলৈও নিক্ষেপ কৰাৰ সময় আহিছে।
অসমৰ বিজেপি দলটোৰ ভিতৰচ'ৰাত সৃষ্টি হোৱা অন্তৰ্কলহ বিগত এমাহত দলটোৰ কেইবাগৰাকী ভূতপূৰ্ব মন্ত্ৰী-বিধায়কৰ মন্তব্যতে প্ৰকাশ পাইছে বুলি মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। গোস্বামীৰ প্ৰশ্ন– চৰকাৰৰ শেহতীয়া কিছু কৰ্মকাণ্ডক লৈ শাসকীয় দলটোৰে একাংশ জ্যেষ্ঠ নেতাই মুকলিকৈ বিৰূপ প্ৰতিক্ৰিয়া ব্যক্ত কৰাটোৱে কি বুজাইছে?
জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে ভূতপূৰ্ব মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় ভ্ৰমণৰ সময়ছোৱাতো বিজেপিৰ ভিতৰচ'ৰাত চলি থকা শীতলযুদ্ধৰ বহুখিনি কথাই স্পষ্ট হ'ল। সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় আগমনৰ সময়ছোৱাৰ বহু দৃশ্যতে বিজেপিৰ মিত্ৰতাৰ বহু কথা প্ৰকাশ পাইছে বুলি মত ব্যক্ত কৰিছে ৰাণা গোস্বামীয়ে। গোস্বামীয়ে কয় বিজেপিৰ ভিতৰচ'ৰাৰ এই কথাবোৰ অতি সূক্ষ্মভাৱে তেওঁ পৰ্যবেক্ষণ কৰি আছে।
Published by: Gautam Barman
FIRST PUBLISHED : September 25, 2022, 18:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।