• Home
  • »
  • News
  • »
  • assam
  • »
  • তৰুণ গগৈৰ শৈশৱৰ কথা, জন্ম হোৱাৰ দিনাই ঘৰলৈ আহিছিল এটা হাতী, আইতাকে কৈছিল – ‘পোনাকণ ডাঙৰ মানুহ হ’ব’

তৰুণ গগৈৰ শৈশৱৰ কথা, জন্ম হোৱাৰ দিনাই ঘৰলৈ আহিছিল এটা হাতী, আইতাকে কৈছিল – ‘পোনাকণ ডাঙৰ মানুহ হ’ব’

আইতাকৰ ভৱিষ্যদ্বাণী ফলিয়ালে। পোনাকণ সঁচাকৈ ডাঙৰ মানুহ হ'ল।

আইতাকৰ ভৱিষ্যদ্বাণী ফলিয়ালে। পোনাকণ সঁচাকৈ ডাঙৰ মানুহ হ'ল।

আইতাকৰ ভৱিষ্যদ্বাণী ফলিয়ালে। পোনাকণ সঁচাকৈ ডাঙৰ মানুহ হ'ল।

  • Share this:
১৯৩৪ চনৰ ১১ অক্টোবৰত পূৰ্বৰ শিৱসাগৰ আৰু বৰ্তমান যোৰহাট জিলাৰ তিতাবৰৰ ৰঙাজান চাহ বাগিচাত তৰুণ গগৈৰ জন্ম হৈছিল। পিতৃ কমলেশ্বৰ গগৈ আৰু মাতৃ উষা গগৈৰ পুত্ৰ আছিল তৰুণ গগৈ।

পিতৃ কমলেশ্বৰ গগৈ তিতাবৰ ৰঙাজান চাহ বাগিচাৰ চিকিৎসক আছিল। তৰুণ গগৈৰ জন্ম হোৱাৰ দিনা পিতৃগৃহলৈ এটা হাতী আহিছিল। তেতিয়াই আইতাকে কৈছিল ‘পোনাকণ’ মানে তৰুণ এদিন ডাঙৰ মানুহ হ’ব।

আইতাকৰ ভৱিষ্যদ্বাণী ফলিয়ালে। পোনাকণ সঁচাকৈ ডাঙৰ মানুহ হ'ল। ডাঙৰ মানুহেই নহয়, অসমবাসীৰে আপোন হৈ পৰিল। তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন দখল কৰিছিল গগৈয়ে।

তৰুণ গগৈৰ শৈশৱৰ বহু স্মৃতি জড়িত হৈ আছে ৰঙাজানৰ পিতৃ ঘৰখনত। ৰঙা জানৰ ঘৰখনলৈ আহিলেই শৈশৱৰ বন্ধুসকলৰ খবৰ লৈছিল, লগ ধৰিছিল। তৰুণ গগৈৰ অবৰ্তমানত এতিয়া ৰঙাজানৰ ঘৰখনতো নিমাওমাও পৰিৱেশ। কোনোৱে যেন মানি ল’ব পৰা নাই যে পোনাকণ আৰু নাই।
Published by:Sanjay Kumar Das
First published: