‘ৰাজনীতিবিদৰ কথাৰ ‘Value’ নাই, CAB আহিলে আকৌ হুলস্থুল হ'ব’
সোমবাৰে চান্দমাৰীত চলি থকা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় যুৱ প্ৰজন্মৰ হাৰ্ট থৰ্ব জুবিন গাৰ্গৰ "তোৰ সুৰৰ আঁচল ধৰি" শীর্ষক এক অন্তৰংগ আলাপ ।অনুষ্ঠানটোৰ আঁত ধৰে ৰাহুল গৌতমে শৰ্মা নামৰ এগৰাকী যুৱকে। অনুষ্ঠানটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক কেইবাটাও প্ৰশ্ন সোধে। সেইদৰে জুবিন গাৰ্গেও জীৱনৰ বহু অভিজ্ঞতাৰ কথা মুকলিকৈ উপস্থিত ৰাইজৰ আগত অন্তৰংগ আলাপ অনুষ্ঠানটোৰ জৰিয়তে অৱগত কৰে।
বাধ্যত পৰিহে হেনো বিয়া পাতিলে জুবিন গাৰ্গে। গৰিমা গাৰ্গৰ প্ৰশ্নত জুবিনে ক'লে 'মই ডমেষ্টিক নহয়'। লগতে ধেমালীৰ চলেৰে জুবিনে কয় যে, মানুহ প্ৰধানমন্ত্ৰী মোদীৰ দৰে হ’ব লাগে, আনক কথা ক’বলৈ সুযোগ নিদি নিজেই কৈ থাকিব লাগে।’
কোনো দিন গায়ক হ’ব বুলি ভবা নাছিলে জুবিন গাৰ্গে। অনুষ্ঠানত জুবিন গাৰ্গে মুক্তি নোপোৱা এটি পুৰণি গীতো গায়। জুবিন গাৰ্গৰ মতে শিল্পীৰ কাৰণে শিল্পটো তেজৰ দৰে।’
জুবিনে সকলোকে সুৰাপান নকৰিবলৈও পৰামৰ্শ দিয়ে। অনুষ্ঠানটোত জুবিন গাৰ্গে CAB ৰ প্ৰসংগতো বিশেষ মন্তব্য কৰে। জুবিন গাৰ্গে কয় যে, ‘ ৰাজনীতিবিদ দুতলীয়া, ৰাজনীতি মই বেয়া পাওঁ। CAB আহিলে আকৌ হুলস্থুল হ'ব।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|