মুখ্যপৃষ্ঠা »খবৰ »অসম »চিন্তা নকৰিব, ঘৰলৈ উভতি যাব পাৰিব!দুদিনৰ বাবে ৰাজ্যত আন্তঃজিলা যাতায়াত সেৱা, চলিব ১০৩ খন বাছ

চিন্তা নকৰিব, ঘৰলৈ উভতি যাব পাৰিব!দুদিনৰ বাবে ৰাজ্যত আন্তঃজিলা যাতায়াত সেৱা, চলিব ১০৩ খন বাছ

File Photo

File Photo

কোভিড১৯ৰ আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। দুদিনৰ বাবে ৰাজ্যত আৰম্ভ হ’ব আন্তঃ জিলা যাতায়াত ব্যৱস্থা।

  • Share this:
কোভিড১৯ৰ আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। দুদিনৰ বাবে ৰাজ্যত আৰম্ভ হ’ব আন্তঃ জিলা যাতায়াত ব্যৱস্থা। ল’কডাউনৰ বাবে, অসমৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলৰ সুবিধাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

অহা ৩০ আৰু ৩১ জুলাইত দুদিনৰ বাবে ৰাজ্যত মুকলি কৰি দিয়া হ’ব আন্ত: জিলা বাছ সেৱা। এই সেৱা লাভ কৰিবলৈ যাত্ৰীসকলে পৰিবহণ বিভাগৰ ‘redbus.in’ ত বুকিং কৰি লাভ কৰিব পাৰিব টিকট। ইতিমধ্যে বৃহস্পতিবাৰৰ বাবে ৫১ খন আৰু শুকুৰবাৰৰ বাবে ৫২ খন বাছত টিকট বুকিং হোৱাৰ কথা প্ৰকাশ কৰিছে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অধ্যক্ষ অশোক ভট্ট ৰয়ে।

ইফালে,বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পুৱা ৭বজাৰ পৰা সন্ধিয়া ৭বজালৈ চলিব এই আন্ত:জিলা বাছ সেৱা। এই সেৱা লাভ কৰিবলৈ হলে প্ৰতিগৰাকী যাত্ৰীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখা, হেণ্ডচেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু বাছত যাত্ৰা কৰাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে।

তদুপৰি যি সমুহ ষ্টপ্টেজত যাত্ৰী সকল উঠিব সেই সমূহ ষ্টপেজত যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি সদৰী কৰিছে পৰিবহন বিভাগৰ অধ্যাক্ষ অশোক কুমাৰ ভট্টৰায়ে।উল্লেখ যোগ্য যে,কোৰোণা ভাইৰাছৰ সামাজিক সংক্ৰমণ আৰু  ল’ক ডাউনৰ ফলত ৰাজ্যত বন্ধ হৈ আছিল এই আন্ত:জিলা বাছ সেৱা। আনহাতে, আন্তঃজিলা বাছ সেৱা আৰম্ভ হলেও গুৱাহাটীৰ ৰাজপথত বন্ধ থাকিব চিটিবাছৰ চলাচল।

শেহতীয়া বাতৰি