• Home
  • »
  • News
  • »
  • assam
  • »
  • Sivasagar : শিৱসাগৰত জৰিমনা সংগ্ৰহৰ পৰিৱৰ্তে ট্ৰেফিক আৰক্ষীয়ে বিলালে চকলেট

Sivasagar : শিৱসাগৰত জৰিমনা সংগ্ৰহৰ পৰিৱৰ্তে ট্ৰেফিক আৰক্ষীয়ে বিলালে চকলেট

শিৱসাগৰ হালোৱাটিঙত ব্যতিক্ৰমী পদক্ষেপ

শিৱসাগৰ হালোৱাটিঙত ব্যতিক্ৰমী পদক্ষেপ

শিৱসাগৰ হালোৱাটিঙত ব্যতিক্ৰমী পদক্ষেপ

  • Share this:
জৰিমনা সংগ্ৰহৰ পৰিৱৰ্তে আজি ৰাস্তাই ৰাস্তাই চকলেট, মৰ্টন বিলালে শিৱসাগৰ যান–বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে। জিলাখনৰ হালোৱাটিঙৰ পথত  জৰিমনা সংগ্ৰহৰ ৰচিদ বহীৰ পৰিৱৰ্তে ট্ৰেফিক আৰক্ষীক দেখা গ'ল  মৰ্টন তথা চকলেটৰ টেমা লৈ থকা অৱস্থাত।

যিসকল যানবাহন চালকে  নীতি-নিৰ্দেশনা মানি  হেলমেট পৰিধান কৰি, ছীটবেল্ট মাৰি বাহন চলাইছিল, সেইসকলৰ হাতত গুজি দিলে চকলেট, মৰ্টন আদি।
পথ সুৰক্ষা সজাগতা অভিযানৰ লগত সংগতি ৰাখি আজি এই ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰে শিৱসাগৰ ট্ৰেফিক আৰক্ষীয়ে।

ইয়াৰ উপৰি গাড়ী চালকসকলক যানবাহন আইন সন্দৰ্ভতো বুজাই দিয়া পৰিলক্ষিত হয়। পথ দুৰ্ঘটনা ৰোধৰ অৰ্থে এনেধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰেফিক আৰক্ষীয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি