হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতালত এটি কন্যা সন্তান প্ৰসৱ কৰিছিল স্থানীয় বৰবন্দ গাঁৱৰ ফাতিমা বেগম নামৰ এগৰাকী মহিলাই। ইয়াৰ প্ৰায় ৩০ মিনিট আগতে স্থানীয় পাঁচগ্ৰাম অঞ্চলৰ মূকামটিলা গাঁওৰ জয়নাব বিবি লস্কৰ নামৰ আন এগৰাকী মহিলাই জন্ম দিছিলে এটি পুত্ৰ সন্তানৰ।
দুটি শিশুক একলগে এআইচিউত ৰাখিছিলে কৰ্তব্যৰত চিকিৎসাকৰ্মীসকলে। কিন্তু আজি ৰাতিপুৱা হঠাৎ ফাতিমা বেগমৰ নৱজাতক পুত্ৰৰ মৃত্যু হৈছে বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই। আৰু এটি নৱজাতক পুত্ৰ সন্তানৰ মৃতদেহ তেওঁলোকক চমজাই দিয়াৰ চেষ্টা কৰে।
ইয়াতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ফাতিমা বেগমৰ পৰিয়ালৰ লোকে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি মৃত নৱজাতকটো জয়নাব বিবিৰ বুলি দাবী কৰে । লগতে হাস্পতালৰ কৰ্তব্যৰত চিকিৎসাকৰ্মীসকলোৰ গাফিলতিৰ উচিত তদন্ত দাবী কৰে । ঘটনাক কেন্দ্ৰ কৰি এতিয়াও উত্তেজনা অব্যাহত আছে হাস্পতাল চৌহদত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|