• Home
  • »
  • News
  • »
  • assam
  • »
  • বছৰ বাগৰি গৈয়েই আছে! ‘স্মাৰ্ট চিটি’ গুৱাহাটীৰ ৰাজপথহে স্থাপন কৰা নহ’ল এটাও চিচি কেমেৰা

বছৰ বাগৰি গৈয়েই আছে! ‘স্মাৰ্ট চিটি’ গুৱাহাটীৰ ৰাজপথহে স্থাপন কৰা নহ’ল এটাও চিচি কেমেৰা

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ মুখ্য চহৰ সমূহত স্মাৰ্ট চিটি স্থাপন কৰাৰ এখন  আঁচনি ঘোষণা কৰিছিল ৷ প্ৰথম পৰ্যায়ত চহৰ সমূহৰ ভিতৰত আছিল গুৱাহাটী মহানগৰৰ নামো ৷ যাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি  দিছিল স্মাৰ্ট চিটি লিমিটেড ৷

  • Share this:
কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ মুখ্য চহৰ সমূহত স্মাৰ্ট চিটি স্থাপন কৰিবলৈ এখন  আঁচনি ঘোষণা কৰিছিল ৷ প্ৰথম পৰ্যায়ত চহৰ সমূহৰ ভিতৰত আছিল গুৱাহাটী মহানগৰৰ নামো ৷ যাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি  দিছিল স্মাৰ্ট চিটি লিমিটেড ৷ স্মাৰ্ট চিটি লিমিটেড গঠনৰ পিছতে পৰিকল্পনা কৰা হৈছিল কেনেদৰে গুৱাহাটীক সুন্দৰ আৰু সুৰক্ষিত কৰা হ’ব? সেই পৰিকল্পনা মতে, আৰক্ষী আৰু পৰিবহণ বিভাগৰ সুবিধাৰ বাবে গুৱাহাটীত ৪৫০ কোটি টকাৰ ব্যয়ৰে প্ৰায় ৬ হাজাৰ চিচি কেমেৰা স্থাপনৰ পৰিকল্পনা কৰা হৈছিল ৷

পৰিকল্পনা অনুসৰি, গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পায় অহা অপৰাধীজনিত কাৰ্যকলাপ ৰোধ তথা যান বাহন নিয়ন্ত্ৰণত সুবিধা হোৱাকৈ অসম আৰক্ষী আৰু পৰিবহণ বিভাগে ১,২০৯ টা স্থানত কেমেৰা স্থাপনৰ বাবে  স্মাৰ্ট চিটি লিমিটেডক প্ৰপ’জেল দিছিল।কিন্তু পৰিকল্পনা, পৰিকল্পনা হৈয়ে থাকিল। আজিও ফাইলতে আবদ্ধ হৈ থাকিল চিচি কেমেৰা স্থাপনৰ প্ৰপ’জেল ৷

২০১৯ চনৰ অক্টোবৰ মাহত স্মাৰ্ট চিটি কেমেৰা স্থাপনৰ বাবে নিবিদা আহ্বান কৰিছিল যদিও পৰৱৰ্তী সময়ত গেথেলা লাগিল সমগ্ৰ প্ৰক্ৰিয়াটোৱে ৷ স্মাৰ্ট চিটি পৰিকল্পনা মতে, প্ৰথম পৰ্যায়ত গুৱাহাটীৰ ১,২০৯ টা স্থানত ৪,৭২০টা কেমেৰা লগোৱাৰ কথা আছিল। সেইদৰে কেমেৰা সমূহৰ নিয়ন্ত্ৰণৰ বাবে পাঞ্জাবাৰীত কণ্ট্ৰল ৰুম নিৰ্মাণৰ বাবেও আগবাঢ়িছিল ৷  কিন্তু সকলো পৰিকল্পনা আজি পৰ্যন্ত কেৱল পৰিকল্পনা হৈয়ে থাকিল, কাৰ্যত ৰূপ কেতিয়া পাব, সেয়া এতিয়া কল্পনাৰো অতীত!
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি