• Home
  • »
  • News
  • »
  • assam
  • »
  • এজনী নহয় ৰাজপথত হাজাৰজনী মূলা গাভৰু...‘কা’ আমাক নালাগে সকিয়ালে অসমীয়া মহিলাই

এজনী নহয় ৰাজপথত হাজাৰজনী মূলা গাভৰু...‘কা’ আমাক নালাগে সকিয়ালে অসমীয়া মহিলাই

২১তাৰিখে ‘নাৰীশক্তি’ক লৈ আছুৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট ঘোষণা।

২১তাৰিখে ‘নাৰীশক্তি’ক লৈ আছুৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট ঘোষণা।

২১তাৰিখে ‘নাৰীশক্তি’ক লৈ আছুৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট ঘোষণা।

  • Share this:
আহোম সাম্ৰাজ্যৰ মূলা গাভৰু যেন আকৌ এবাৰ উভতি আহিছে। ১৫৩২ চনৰ অসমত সেই মূলাই হাতত হেংদাং লৈ ৰণক্ষেত্ৰত মোগলৰ বিৰুদ্ধে ৰণহুংকাৰ দিছিল, তুৰ্বকৰ বিৰুদ্ধে যুঁজি প্ৰাণ বিসৰ্জন দি আহোম সেনাৰ মনোবল তড়িৎ গতিৰে বৃদ্ধি কৰিছিল। মূলাগাভৰু আৰু যুদ্ধক্ষেত্ৰত চৰম ত্যাগ কৰা আন আহোম ৰমণীৰ বলিদান অথলে যোৱা নাছিল। নতুন মনোশক্তিৰে বলীয়ান কনছেং বৰপাত্ৰ গোঁহাইৰ নেতৃত্বত আহোমে নেফানেফ কৰিছিল সাম্ৰাজ্যবাদী আগ্ৰাসনবাদী শক্তি মোগল আৰু চৰম শক্তিশালী তুৰ্বক খানক। যি অদমনীয় শক্তিৰে মূলাগাভৰু ১৫৩২চনত জিকিছিল ২০১৯ত আকৌ এবাৰ অস্তিত্বৰ যুঁজৰ সন্ধিক্ষণত নমা অসমীয়াৰ কাৰণে প্ৰাসংগিক হৈছে সেই শক্তি, সেই হাৰ নমনা স্পৃহা।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়াৰ সংগ্ৰামত স্বতঃস্ফূৰ্তভাৱে আগভাগ লৈছে অসমীয়া মহিলাই। দেশৰ আন ঠাইৰ বিপৰীতে অসমত অশীতিপৰ বয়োবৃদ্ধাৰ পৰা কিশোৰী ছাত্ৰীলৈকে সমস্বৰে ৰাজপথত চিঞৰিছে ‘কা’ আমি নামানো, জয় আই অসম। পিঠিত হেংদাং বান্ধি প্ৰতিবাদ কৰা ছবিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

আহোমৰ অস্ত্ৰ হেংদাং লৈ এগৰাকী প্ৰতিবাদকাৰী। ‘কা’ প্ৰতিবাদৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবি।


'কা’ বিৰোধী সংগ্ৰামত ভিন্ন প্ৰান্তৰ মহিলাৰ অংশগ্ৰহণ চমকলগা। জাতি ৰক্ষাৰ যুঁজত দলে বলে জপিয়াই পৰিছে মূলাগাভৰুৰ উত্তৰসূৰীসকলে। অহিংস প্ৰতিবাদ, সমাৱেশ উদাত্ত কণ্ঠেৰে অসমীয়া মহিলাই হুংকাৰ দিছে চৰকাৰক।

প্ৰতিবাদমুখৰ ‘আমাৰ ঘৰ’ আইতা।

এইখন মানি নলও, আমাক আৰু অবৈধ বিদেশী বাংলাদেশী নালাগে। আমি নামানো।

হুইলচেয়াৰত উঠি অহা বৃদ্ধাৱাস ‘আমাৰ ঘৰ’ৰ আইতাৰ গৰ্জন। খোজ কাঢ়িব নোৱাৰে কিন্তু চানমাৰীৰ সমাৱেশত আইতাসকলে শুনাই দিছে আমি ‘কা’ নামানো।

অসম আন্দোলনৰ অশীতিপৰ মহিলা যুঁজাৰু, অধিবক্তা, চিকিৎসক, অভিনেত্ৰী কোন নাই এইখন যুঁজত? আপোন ঘৰখনৰ অস্তিত্ব ৰক্ষাৰ যুঁজত উঠি পৰি নামিছে আধুনিক ‘মূলাগাভৰু’সকল। যোগাযোগ বিচ্ছিন্ন হৈ থাকিলেও ঠায়ে ঠায়ে মুখৰ মাতষাৰতে সমবেত হৈছে হাজাৰ হাজাৰ মহিলা। প্ৰত্যক্ষ কৰোতাসকলৰ মতে অসম আন্দোলনৰ পিছত এনেধৰণৰ স্বতঃস্ফূৰ্ত আন্দোলনৰ পৰিৱেশ এয়াই প্ৰথম। 

অবৈধ বিদেশী বিতাৰণৰ সমস্যাৰ সৈতে যুঁজা অসমীয়াই আজি বিদেশীক নাগৰিকত্ব নিদিবৰ কাৰণে যুঁজিব লগীয়া হৈছে, অসমীয়াৰ কাৰণে কি এক বিড়ম্বনা! ক্ষমতালিপ্সু আখ্যা দি শাসকৰ বিৰুদ্ধে গৰজিলে অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰীয়ে।

আমি সৰল কিন্তু বুৰ্বক নহয়, অমিত শ্বাহ ডাঙৰীয়াই ক’ব নেকি ‘ঘুচপেঠিয়া’ বাচি বাচি খেদাৰ কথাটো কি হ’ল? এতিয়া দেখোন ‘ঘুচপেঠিয়া’ আদৰিছেহে। এয়া মানি ল’ব নোৱাৰি। আছুৰ প্ৰতিবাদত অংশ লৈ গৰ্জন বৰষা ৰাণী বিষয়াৰ।



প্ৰয়োজনত আমি সকলোৱে মূলাগাভৰুৰ দৰে যুঁজিম। জ্যেষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও সমসুৰত হুংকাৰ দিলে।

চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা ২০০০ শিল্পীৰ কাৰণে এককালীন ৫০,০০০টকাৰ সাহাৰ্যক ‘চৰকাৰী টোপ’ আখ্যা দি কঠোৰ সমালোচনা কৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে। ‘আপোনালোকে এয়া কি কৰিছে? আমি কষ্ট কৰি আগুৱাম, প্ৰতিবাদো কৰিম।’ অভিনেত্ৰীগৰাকীয়ে কয়।

হিংসাত্মক ঘটনাৱলীয়ে ‘কা’ বিৰোধী সংগ্ৰাম অশান্ত কৰাৰ পিছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছে। ম’বাইল ইণ্টাৰনেট সেৱা মুকলি নহ’লেও গুৱাহাটী সহ বিভিন্ন ঠাইত সান্ধ্য আইন শিথিল কৰা হৈছে। জীৱনযাত্ৰাৰ স্বাভাৱিক সংগ্ৰাম অব্যাহত ৰখাৰ মাজতো ‘কা’ বিৰোধী প্ৰতিবাদ স্তিমিত হোৱা নাই, ক্ৰমাৎ দৃঢ় হৈছে অসমীয়াৰ কণ্ঠ। উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায় পোৱাৰ আশাত এতিয়াও বন্দী অসমীয়া। ইয়াৰ মাজতে ‘গণ গৰ্জন’, ‘গণ চিঞৰ’ আদি ৰাইজৰ অনুষ্ঠানত দল সংগঠনৰ সদায় দেখা নেতাৰ সলনি ভুমুকি মাৰিছে নতুন নাৰী শক্তিয়ে। মহিলাসকলৰ অভূতপূৰ্ব স্থিতিত নতমস্তক হৈ সদৌ অসম ছাত্ৰ সন্থাই ২১তাৰিখে সমগ্ৰ ৰাজ্যৰ ‘নাৰীশক্তি’ক লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ঘোষণা কৰিছে। পুৱা ১১বজাৰ পৰা দিনৰ দুই বজালৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত দলে–বলে জৰিত কৰোৱা হ’ব ভিন্ন ঠাইৰ মহিলাক। আছুৱে ইয়াৰ লগতে ঘৰে ঘৰে গৈ ‘কা’ৰ কুপ্ৰভাৱৰ বিষয়েও ৰাইজক বুজোৱাৰ কাৰ্যসূচী হাতত লৈছে।

‘আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইতৰ পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ’...সুধাকণ্ঠৰ এই গীত আওৰাই ছাত্ৰশক্তিৰ সমানে গৰ্জনমুখৰ হৈছে অসমীয়া মহিলা।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি