অনলাইন শিক্ষাৰ বাবে তেজপুৰৰ Inspire Academy-এ মুকলি বিশেষ এপ, অভিভাৱকক ফাঁকি মাৰিব নোৱাৰিব ছাত্ৰ–ছাত্ৰীয়ে

Google Play Storeত উপলব্ধ এই এপ শিক্ষাৰ্থী অথবা অভিভাৱক হিচাপে Login কৰিব পাৰে৷ ই সম্পূৰ্ণ বিনামূলীয়া৷
Google Play Storeত উপলব্ধ এই এপ শিক্ষাৰ্থী অথবা অভিভাৱক হিচাপে Login কৰিব পাৰে৷ ই সম্পূৰ্ণ বিনামূলীয়া৷
- News18 Assam
- Last Updated: April 14, 2020, 7:21 PM IST
ইতিমধ্যে অনলাইনৰ জৰিয়তে শিক্ষালাভৰ বিভিন্ন মাধ্যম মুকলি হৈছে যদিও এই এপৰ কথা কিছু সুকীয়া৷ কাৰণ এই এপত অভিভাৱককো সাঙুৰি লোৱা হৈছে৷ গতিকে কোনো শিক্ষাৰ্থীয়ে ফাঁকি মাৰিব নোৱাৰিব৷ Assignment কৰিছেনে নাই, Class Attend কৰিছেনে নাই, ক্লাছৰ অন্তত যি পৰীক্ষা অনুষ্ঠিত হ'ব তাত সন্তানে কি নম্বৰ লাভ কৰিলে, এই সকলো কথা এপটোৰ জৰিয়তে পোনপটীয়াকৈ অথবা পঞ্জীয়ন কৰা মোবাইলত SMSৰ জৰিয়তে অভিভাৱকে জানিব পাৰিব৷
Google Play Storeত উপলব্ধ এই এপ শিক্ষাৰ্থী অথবা অভিভাৱক হিচাপে Login কৰিব পাৰে৷ ই সম্পূৰ্ণ বিনামূলীয়া৷ ‘Inspire Academics’ হিচাপে এপটোৰ নাম শিক্ষানুষ্ঠানখনৰ নামতে নামাকৰণ কৰা হৈছে যদিও ৰাজ্যৰ সকলো প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে এই এপৰ জৰিয়তে লাভ উঠাব পাৰিব৷