নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ গৰাকী নাৰীৰ বাবে আদৰ্শ হিচাপে থিয় দিছে নাহৰকটীয়াৰ ডেইলী বজাৰৰ ৰীতা হাজৰিকা গোহাঁই, নাহৰকটীয়া ডেইলী বজাৰৰে কৃষ্ণা চেংলাৰী গগৈ আৰু নাহৰকটীয়াৰ নিগাম অঞ্চলৰ মালক্ষী সোণোৱালে। এই তিনি মহিলাই স্বামীৰ পৰা হাত খৰছ হিচাপে পোৱা ধন কোনো ধৰণৰ অলাগতীয়াল কামত খৰছ নকৰি নিজকে স্বাবলম্বী হবলৈ বিনিয়োগ কৰিছে সৰিয়হৰ খেতিত।
মহিলা কেইগৰাকীয়ে সেইজ আত্মসহায়ক গোট নামেৰে এটা গোট খুলি চাচনীৰ গটঙৰ গৰুৱামাৰী গাঁৱত ষোল্ল বিঘা মাটিত প্ৰায় আশী হাজাৰ টকা খৰছ কৰি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে সৰিয়হৰ খেতি। এই তিনি মহিলাই পুৱাই ঘৰৰ সকলো কাম–বন সমাপন কৰি দিনটো সৰিয়হ বাৰীত কৰা কষ্ট, ত্যাগ আৰু শ্ৰমৰ ফলত বৰ্তমান লহপহকৈ বাঢ়ি অহা ফলে–ফুলে জাতিষ্কাৰ হোৱা সৰিয়হ ডৰা এতিয়া চালে চকুৰোৱা হৈছে।
অনেক প্ৰতিবন্ধকতা আৰু সীমাবদ্ধতাৰ মাজৰে কৰা এই সৰিয়হ খেতি দুই এদিনতে চপাই অতি কমেও এক লাখৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত লাভৰ আশা দেখিছে ৰীতা,মালক্ষী আৰু কৃষ্ণাই। সামাজিক মাধ্যম বা অনলাইন শ্বপিঙত ব্যস্ত নাথাকি এনেকৈ কৃষি কৰ্মত জপিয়াই পৰা দেখি উৎফুল্লিত হৈ মহিলাসকলক পূৰ্ণ সহায়–সহযোগিতা আগবঢ়াইছে তেওঁলোকৰ স্বামী তথা পৰিয়ালৰ সদস্যসকলে।
কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশে এখোজ আগুৱাই গৈছে মহিলা দলটো। মহিলা দলটোৰ সাফল্যত এতিয়া গৌৰাৱান্বিত নাহৰকটীয়া প্ৰতিজন লোক। এই তিনি পৰিশ্ৰমী মহিলা আন দহ গৰাকী মহিলাৰ বাবে এক আদৰ্শ হওঁক তাকে এতিয়া সকলোৱে কামনা কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|