বাতৰি কাকত বিলাই, হোটেলত কাম কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে ধমধমাৰ নুৰ মহম্মদে

দুখীয়া পৰিয়ালৰ নুৰ মহম্মদ আলীয়ে সৰুৰে পৰাই অতি কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল।
দুখীয়া পৰিয়ালৰ নুৰ মহম্মদ আলীয়ে সৰুৰে পৰাই অতি কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল।
- News18 Assam
- Last Updated: January 3, 2021, 3:00 PM IST
চেঙা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চান্দ মহম্মদ আলীৰ তত্বাৱধানত 'এ ষ্টাডী অন দ্য লাইফ এণ্ড ওৱাৰ্কছ অব ইবন খালদুন উইথ স্পেচিয়েল ৰেফাৰেন্স টু আল-মুকাদ্দিনʼ বিষয়ৰ ওপৰত গৱেষণা কৰি নুৰ মহম্মদ আলীয়ে বছৰটোৰ প্ৰথমটো দিনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
অতি দুখীয়া পৰিয়ালৰ নুৰ মহম্মদ আলীয়ে সৰুৰে পৰাই অতি কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই পিতৃক হেৰুওৱা নুৰ মহম্মদে হোটেলত কাম কৰি আৰু মাছৰ ব্যৱসায় কৰি পৰিয়ালৰ খৰচ বহন কৰাৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পিছত কেৰাচিন তেল বিক্ৰী কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰঙিয়া মহাবিদ্যালয়ত আৰবী বিষয়ত অনাৰ্ছ লৈ পঢ়িবলৈ লয়।
যথেষ্ট সংগ্ৰামৰ মাজেৰে অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে নুৰ মহম্মদ আলীয়েও। একাগ্ৰতা, নিষ্ঠা, সততা আৰু কষ্টসহিষ্ণুতা থাকিলে জীৱনত যে সফলতা লাভ কৰিব পাৰি তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰা নুৰ মহম্মদ আলীৰ এই কৃতিত্বত ধমধমা প্ৰেছ ক্লাব, প্ৰেৰণা সাহিত্য সমাজ, ধমধমা আঞ্চলিক ছাত্ৰ সন্থা, ধমধমা আঞ্চলিক শাখা সাহিত্য সভা আদিকে ধৰি কেইবাটাও অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখ্য যে প্ৰতিটো পুৱাই নুৰ মহম্মদে নলবাৰীৰ জাৰ্ণাল এম্পৰিয়ামৰ পৰা বাতৰি কাকত আনি বালিতাৰা, ভেলামাৰী, ধমধমা, গড়ভিতৰ, গোৱালবিল, জাৰতালুক, ভেৰভেৰী আদিত ঘৰে ঘৰে গৈ বাতৰি কাকত বিতৰণ কৰে। তদুপৰি ২০১৪ চনতেই টেট উত্তীৰ্ণ হৈছে যদিও নুৰ মহম্মদে পোৱা নাই শিক্ষকৰ চাকৰি।