মুখ্যপৃষ্ঠা »খবৰ »অসম »নুমলীগড়ত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী, ব্যৱস্থা নল'লে মৃত্যুমুখত পৰাৰ আশংকা

নুমলীগড়ত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী, ব্যৱস্থা নল'লে মৃত্যুমুখত পৰাৰ আশংকা

কিন্তু সকলো জানিও বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া কুলদীপ বৰ্মন আৰু বনকৰ্মীসকলৰ খবৰ ল'বলৈ আহৰি নাই হাতীটোৰ।

  • Share this:

নুমলীগড় মৰঙী মৌজাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। হাতীৰ জাকটোৰ মাজত এটা আঘাতপ্ৰাপ্ত হাতীয়ে মুক্ত বিচৰণ কৰি থকা দেখা গৈছে। নিশাৰ পৰা পুৱাপৰ্যন্ত মৰঙি ধাননি পথাৰৰ লগতে নুমলীগড়ৰ ভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰে হাতীৰ এটা বৃহৎ জাকে।

ওৰেনিশা খাই–গচকি নষ্ট কৰে পকা ধাননি পথাৰ । হাতীৰ জাকটোৰ লগত বিচৰণ কৰি থকা আঘাতপ্ৰাপ্ত হাতীটো পুৱা বহু সময় ধাননি পথাৰৰ মাজতে  জনাঞ্চলত আবদ্ধ হৈ থাকে। হাতীটোৰ পিছ ভৰিৰ লগতে গাৰ ভিন্ন অংশত আঘাতৰ চিন স্পষ্ট।

কিন্তু সকলো জানিও বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া কুলদীপ বৰ্মন আৰু বনকৰ্মীসকলৰ খবৰ ল'বলৈ আহৰি নাই হাতীটোৰ। বৰ্তমান পৰ্যন্ত কৰা নাই চিকিৎসাৰ ব্যৱস্থা।স্থানীয় লোকৰ সন্দেহ অতি শীঘ্ৰে হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা নকৰিলে যি কোনো সময়তে মৃত্যুমুখত পৰিব পাৰে।

উল্লেখ্য, এনেদৰে প্ৰতিদিনে  অব্যাহত থকা  হাতী–মানুহৰ সংঘাতৰ ফলত আৰু বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই পুনৰ এটা বন্যহস্তী আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে নুমলীগড়ত।

শেহতীয়া বাতৰি