গঁড়টোৰ আক্ৰমণত বন বিভাগৰ চাৰিটা হাতী আহত হোৱাৰ লগতে গঁড়টোৰ আক্ৰমণত বন বিভাগৰ তিনি খন বাহনৰ কিছু পৰিমাণে ক্ষতি সাধন হয়।
গঁড়টোৰ আক্ৰমণত বন বিভাগৰ চাৰিটা হাতী আহত হোৱাৰ লগতে গঁড়টোৰ আক্ৰমণত বন বিভাগৰ তিনি খন বাহনৰ কিছু পৰিমাণে ক্ষতি সাধন হয়।
কাজিৰঙাৰ ৰাজপথত আহত গঁড়ে (Rhino) সৃষ্টি কৰিছে আতংকৰ। গঁড়ে আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বিভাগীয় বাহন।
বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ পৰা ওলাই অহা এটা গঁড় দুৰ্ঘটনাত আহত হৈছিল কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আঘাতপ্ৰাপ্ত গঁড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ আছিল। গঁড়টোক উদ্যানৰ সাতটা হাতীৰ সহায়ত উদ্যানলৈ খেদি পঠিওৱাৰ চেষ্টা কৰোঁতে সংঘটিত হয় এই ঘটনা।
ইপিনে, গঁড়টোৱে ৰাজপথত অগা-ডেৱা কৰাৰ ফলত দিনটোৰ বেছিভাগ সময় ৰাজপথত বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়৷ গঁড়টোৰ আক্ৰমণত বন বিভাগৰ চাৰিটা হাতী আহত হোৱাৰ লগতে গঁড়টোৰ আক্ৰমণত বন বিভাগৰ তিনি খন বাহনৰ কিছু পৰিমাণে ক্ষতি সাধন হয়।
ইফালে, গঁড়টো সুস্থ অৱস্থাত থকাৰ কথা জানিবলৈ দিয়ে পশু চিকিৎসকে। গঁড়টো বৰ্তমানো ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ হাবিত আশ্ৰয় লৈ আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|