মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙত আঘাতপ্ৰাপ্ত গজৰাজৰ আৰ্তনাদ, স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্যৰ, নিৰ্বিকাৰ বন বিভাগ

চিৰাঙত আঘাতপ্ৰাপ্ত গজৰাজৰ আৰ্তনাদ, স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্যৰ, নিৰ্বিকাৰ বন বিভাগ

News18 Assam | News18-Assam
Updated:July 5, 2021, 10:12 AM IST
চিৰাঙত আঘাতপ্ৰাপ্ত গজৰাজৰ আৰ্তনাদ, স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্যৰ, নিৰ্বিকাৰ বন বিভাগ
হাতীটোৰ পিছফালে আঘাতৰ চিন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিছিল৷

হাতীটোৰ পিছফালে আঘাতৰ চিন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিছিল৷

  • Share this:
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত থকা আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা আঘাতপ্ৰাপ্ত হাতীটো কুকলং ৰেঞ্জৰ অন্তৰ্গত ৰাঙিঝৰা গাঁৱত আহি আশ্ৰয় লৈছিল৷ হাতীটোৰ পিছফালে আঘাতৰ চিন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিছিল৷ কিন্তু বন বিভাগৰ লোক উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰাৰ সলনি পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰতলৈ খেদি পঠিয়ায়৷

দেহত আঘাত লৈ খোজ কাঢ়িব নোৱাৰা হৈ পৰা হৈ পৰা হাতীটোক বন বিভাগৰ লোকে জেচিবি আদিৰ সহায়ত বলপূৰ্বক জংঘললৈ আঁতৰাই পঠিওৱাৰ পিছত  কোনো ধৰণৰ খা–খবৰ লোৱা পৰিলক্ষিত হোৱা নাই৷ স্থানীয় ৰাইজে দুৰ্বল হৈ পৰা হাতীটোক মাজে সময়ে খাদ্যৰ যোগান ধৰিলেও বন বিভাগে চিকিৎসা আদিৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰিছে৷

আঘাতপ্ৰাপ্ত হাতীটোক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তোলাৰ বাবে বন বিভাগক স্থানীয় ৰাইজে দাবী জনাইছে৷ উল্লেখ্যযে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা আঘাতপ্ৰাপ্ত এই হাতীটোৰ বিষয়ে নিউজ১৮ অসম নৰ্থ ইষ্টত তিনি দিন পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰা হৈছিল৷
Published by: Sanjay Kumar Das
First published: July 5, 2021, 10:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি