মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বন্যহস্তীৰ উপদ্ৰৱ : চিৰাঙৰ ভাৰত-ভূতান সীমান্তত হাতীৰ সন্ত্ৰাসত জ্বলা-কলা খাইছে ৰাইজে।

বন্যহস্তীৰ উপদ্ৰৱ : চিৰাঙৰ ভাৰত-ভূতান সীমান্তত হাতীৰ সন্ত্ৰাসত জ্বলা-কলা খাইছে ৰাইজে।

News18 Assam | News18-Assam
Updated:July 20, 2021, 1:34 PM IST
বন্যহস্তীৰ উপদ্ৰৱ : চিৰাঙৰ ভাৰত-ভূতান সীমান্তত হাতীৰ সন্ত্ৰাসত জ্বলা-কলা খাইছে ৰাইজে।
বন বিভাগৰ তিনিটাকৈ পোহনীয়া হাতী ব্যৱহাৰ কৰিও বশ কৰিবলৈ ব্যৰ্থ হৈছে বন বিভাগ ।

বন বিভাগৰ তিনিটাকৈ পোহনীয়া হাতী ব্যৱহাৰ কৰিও বশ কৰিবলৈ ব্যৰ্থ হৈছে বন বিভাগ ।

  • Share this:
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যোনৰ পৰা ওলাই অহা হাতী এটাই বিগত কেইবা দিন ধৰি কাষৰীয়া গাঁওসমুহত উপদ্ৰৱ চলাই আহিছে ৷ গাত ঘা থকা হাতীটোৱে খুংখ্ৰাঝৰা, দৈচুমগুৰী, ৰাঙীঝৰা আদি এলেকাত উপদ্ৰৱ চলাই লোকসকলৰ ঘৰ-দুৱাৰ, খেতি-বাতি নষ্ট কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ ইতিমধ্যে হাতীটোক গাঁৱৰ পৰা খেদি দিয়াৰ বাবে বন বিভাগৰ তিনিটাকৈ হাতী ব্যৱহাৰ কৰিও ব্যৰ্থ হ’বলগীয়া হৈছে ৷ বন বিভাগৰ পোহনীয়া হাতী তিনিটাই বনৰীয়া হাতীটোৰ কাষ চাপিবলৈ চেষ্টা চলালেও ওলোটাই খেদি অহা পৰিলক্ষিত হৈছে ৷ বন্যহস্তীটোৰ এই উগ্ৰমূৰ্তিৰ বাবে গাত থকা আঘাতও এতিয়া চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই ৷ জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস অব্যাহত ৰখা বন্যহস্তীটোৰ বাবে অঞ্চলবাসীয়ে বিনিদ্ৰৰজনী কটাবলগীয়া হৈছে ৷

ইফালে, বন্যহস্তীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি স্বভাৱ সলনি হৈ পৰাৰ ফলত বন বিভাগে বিপাঙত পৰা পৰিলক্ষিত হৈছে ৷ বন্যহস্তীটোক বশ কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলাই ব্যৰ্থ হৈছে যদিও বন বিভাগে পুনৰ অভিযান চলাব বুলি কুকলং বনাঞ্চলিক বিষয়াজনে জানিব দিছে ৷

অঞ্চলটোত অত্যাচাৰ চলাই অহা বন্যহস্তীটোক শীঘ্ৰে আতৰাই নি আঘাতৰ চিকিৎসা কৰাৰ বাবে দাবী জনোৱাৰ লগতে বন্যহস্তীৰ প্ৰতিৰোধৰ বাবে থকা দুৰ্বল চ’লাৰ ফেন্সিসমুহ কাৰ্যক্ষম কৰি তোলাৰ বাবে আহ্বান জনায় ৷
Published by: Manjumoni Borah
First published: July 20, 2021, 1:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি