অসম-মিজোৰাম সীমান্তত মিজোৰামৰ দুৰ্বৃত্তই কেনেদৰে আক্ৰমণ কৰিছিল অসম আৰক্ষীক? আহত গৃহৰক্ষী জোৱান ৰঙিয়াৰ মুহাম্মদ মইনুল হকে বৰ্ণনা কৰিলে ঘটনাৰ সবিশেষ।
যোৱা ২৬ জুলাইৰ আবেলি মিজোৰামৰ দুস্কৃতিকাৰীয়ে হঠাতে আক্ৰমণ কৰিছিল অসম আৰক্ষীৰ ওপৰত । হাতে হাতে অত্যাধুনিক মৰণাস্ত্ৰ, দা-লাঠি লৈ আক্ৰমণ কৰিছিল সীমান্তত কৰ্তব্যৰত অসম আৰক্ষীৰ জোৱানৰ ওপৰত। থকা অসম আৰক্ষীৰ ওপৰত ।
আৰু সেই অসম আৰক্ষীৰ দলটোত আছিল গৃহৰক্ষী জোৱান ৰঙিয়াৰ সুন্ধিয়া ঘুলিপামৰ মুহাম্মদ মইনুল হক। চিকিৎসালয়ৰ পৰা কিছু সুস্থ হৈ ঘৰত উপস্থিত হোৱা মইনুল হকে এফালৰ পৰা বৰ্ণনা কৰিলে, কিদৰে আক্ৰমণ কৰিছিল মিজোৰামৰ দুৰ্বৃত্তই। কিদৰে অসম আৰক্ষীৰ কেইবাখনো বাহন ভাঙি ক্ষতি সাধন কৰিছিল দুস্কৃতিকাৰীয়ে?
মুহাম্মদে কয় যে, সেইসময়ত মিজো দুস্কৃতিকাৰীৰ তুলনাত অসম আৰক্ষীৰ সংখ্যা কম হোৱাৰ বাবেই ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিব নোৱাৰিলে।
উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তত মিজোৰামৰ দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৰঙিয়াৰ গৃহৰক্ষী জোৱানজন। কেইবাদিনো শিলচৰ মেডিকেল কলেজ হাস্পতলত চিকিৎসাধীন অৱস্থাত আছিল গৃহৰক্ষী জোৱানজন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|