গুৱাহাটী আহি পালে শিল্পী জুবিন গাৰ্গ। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা তেওঁক ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অনাৰ পিছতে এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হৈছিল।
গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত ইতিমধ্যে সাজু কৰি ৰখা জিএমচিএইচৰ এম্বুলেন্সেৰে আনি শিল্পীগৰাকীক (Zubeen Garg) গুৱাহাটীৰ আয়ুচন্দ্ৰা হাস্পতালত ভৰ্তি কৰাব।
জুবিন গাৰ্গৰ পৰিয়ালে আয়ূৰসুন্দ্ৰাত চিকিৎসা কৰাব বুলি জনোৱাত তেওঁক তাতেই ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰীয়ে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷
শিল্পীগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ যদিও বাথৰুমত পৰি যোৱা বাবে তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰি গুৱাহাটীলৈ অনা হৈছে।
উল্লেখ্য, বাথৰুমত পৰি মূৰত আঘাত পাইছিল জুবিনে (Zubeen Garg Suffers Head Injury)। তথ্য অনুসৰি তেওঁৰ মূৰত পাঁচটা চিলাই পৰিছিল। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যক লৈ ৰাজ্যজুৰি উদ্বিগ্নতা পৰিলক্ষিত হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে লগে লগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।
- First Published :