“আলফা স্বাধীনৰ সভাপতি তথা মুখ্য সেনাপ্ৰধান পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা অনুমতি লৈছোঁ ৷ আলোচনা আগবঢ়াই নিয়াৰ বাবে মই পৰেশ বৰুৱাই বিচাৰিলে পোনপটীয়াকৈ কথা পাতিম ৷” -মুখ্যমন্ত্ৰী ৷
এনেদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সভাপতি তথা মুখ্য সেনাপ্ৰধান পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব বুলি সদৰী কৰিছিল মঙলবাৰে ৷ সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ অনুমতি লৈছিল মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷
ইয়াৰ পিছতে বুধবাৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাই মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উদ্যোগক আদৰণি জনাই সাহসী পদক্ষেপ বুলি মন্তব্য কৰে ৷
পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিয়াৰ পিছত আমোলাসকলে আলোচনাক আগুৱাই নিব পাৰিব বুলি দাবী কৰে অনুপ চেতিয়াই ৷
ইপিনে মঙলবাৰে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভাক সাক্ষাৎ কৰে NEDAৰ আহ্বায়ক হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাৰ্তা লৈ মুইভাক ড° শৰ্মাই সাক্ষাৎ কৰা সন্দৰ্ভত অনুপ চেতিয়াই ক'লে- “নগা সমস্যাটো এটা সুকীয়া বিষয়। এটা জটিল বিষয় ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।