প্ৰজনন ক্ষমতা হ্ৰাস পাইছে অসমত। ২০১৫-১৬ বৰ্ষত প্ৰতিগৰাকী মাতৃৰ বিপৰীতে আছিল ২.২ গৰাকী শিশু। কিন্তু এতিয়া সেয়া হ্ৰাস পাই হৈছে গৈ ১.৯। অতি সম্প্ৰতি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নির্দেশত চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
‘National Health and Family Survey’- শীৰ্ষক এই সমীক্ষা পৰিচালনা কৰিছে মুম্বাইৰ ‘International Institute of Population Science’-এ । এই সমীক্ষাত প্ৰকাশ পাইছে আৰু বহু কেইটা গুৰুত্বপূৰ্ণ তথ্য।