• Home
  • »
  • News
  • »
  • assam
  • »
  • হিন্দু মহিলাই কিয় হেৰুৱাইছে গৰ্ভধাৰণ ক্ষমতা? ভাঙি-পাতি সকলো ক'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই

হিন্দু মহিলাই কিয় হেৰুৱাইছে গৰ্ভধাৰণ ক্ষমতা? ভাঙি-পাতি সকলো ক'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই

সুমন হৰিপ্ৰিয়াইৰ মতে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক -পাচলিয়ে আমাক তিনিধৰণে ক্ষতি কৰিছে।

সুমন হৰিপ্ৰিয়াইৰ মতে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক -পাচলিয়ে আমাক তিনিধৰণে ক্ষতি কৰিছে।

সুমন হৰিপ্ৰিয়াইৰ মতে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক -পাচলিয়ে আমাক তিনিধৰণে ক্ষতি কৰিছে।

  • Share this:
'হিন্দু মহিলাৰ গৰ্ভধাৰণ ক্ষমতা নোহোৱা হৈছে। আগতে এগৰাকী মহিলাই দুটা তিনিটা সন্তান জন্ম দিব পাৰিছিল। কিন্তু এতিয়া সন্তানহীনতাত ভুগিছে। ইয়াৰ অন্যতম কাৰণ হৈছে, ৰাসায়নিক আক্ৰমণ।'- এই মন্তব্য হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ।

শাক-পাচলিৰ নামত এতিয়া অসমীয়াই বৰবিহ খাইছে বুলি অভিহিত কৰি বিধায়িকাগৰাকীয়ে কয় যে, আমি যিখিনি শাক-পাচলি খাও, লহপহকৈ বাঢ়ি অহা, দেখাত ধুনীয়া। লেৰেলা-চেপেতা বেঙেনা ৰাইজে নিকিনে। দেখাত ধুনীয়া পাচলিহে ক্ৰয় কৰে। কিন্তু এইবোৰ পাচলিয়ে আমাক বিপদত পেলাইছে। অসমীয়াৰ ওপৰত ৰাসায়নিক আক্ৰমণ চলিছে। গতিকে ৰাইজ সজাগ হ'বৰ হ'ল।'

সুমন হৰিপ্ৰিয়াৰ মতে, 'খাৰুপেটীয়াৰ ফলমূল, শাক পাচলিত ৰাসায়নিক সাৰে ভৰি থাকে।  চৰকাৰে পদক্ষেপ লৈ আছে। ৰাইজ সজাগ হ'লে সফল হ'ব চৰকাৰৰ পদক্ষেপ। এতিয়া  জৈৱিক কৃষিত নতুন প্ৰজন্মই গুৰুত্ব দিব লাগে। খেতি বাতিত গুৰুত্ব দিলে, বহু ল'ৰাই কৰ্মসংস্থাপন লাভ কৰিব।'

সুমন হৰিপ্ৰিয়াইৰ মতে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক -পাচলিয়ে আমাক তিনিধৰণে ক্ষতি কৰিছে।

  • আমাক বেমাৰী কৰিছে।

  • সৰু ল'ৰা ছোৱালীক অকালতে বুঢ়া  বুঢ়া লাগে।

  • হিন্দু মহিলাৰ গৰ্ভধাৰণ ক্ষমতা হ্ৰাস পাইছে। আগতে ল'ৰা ছোৱালী দুটা তিনিটাকৈ হৈছিল। কিন্তু এতিয়া সন্তান নাই। গতিকে এয়া ৰাসায়নিক আক্ৰমণ।

Published by:Himangshu Bhuyan
First published: