দুমহীয়া দেৱশিশুক মৃত ঘোষণা হাস্পতালত, সমাধিস্থ কৰাৰ যো–জা চলাওঁতেই ঘটিল এই আচৰিত ঘটনা

News18 Assam | News18-Assam
Updated:November 8, 2020, 7:36 PM IST
দুমহীয়া দেৱশিশুক মৃত ঘোষণা হাস্পতালত, সমাধিস্থ কৰাৰ যো–জা চলাওঁতেই ঘটিল এই আচৰিত ঘটনা
সমাধিস্থ কৰাৰ বাবে নীতি–নিয়ম কৰা অৱস্থাত সকলোকে আচৰিত কৰি দেৱশিশুটিয়ে হাত–ভৰি লৰাবলৈ ধৰে।

সমাধিস্থ কৰাৰ বাবে নীতি–নিয়ম কৰা অৱস্থাত সকলোকে আচৰিত কৰি দেৱশিশুটিয়ে হাত–ভৰি লৰাবলৈ ধৰে।

  • Share this:
ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ ঘটনা। বাগানৰ চিকিৎসালয়ত জীৱন্ত শিশুক মৃত ঘোষণা। মৃত বুলি সমাধিস্থ কৰাৰ বাবে নীতি–নিয়মেৰে গাঁত খান্দি সাজু হওঁতে হাত–ভৰি মাৰি লৰ-চৰ কৰিলে শিশুটিয়ে। পুনৰ ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়লৈ নিয়া হয় যদিও প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল।

ডিব্ৰুগড় জিলাৰ লাহোৱাল মটক চাহ বাগিচাত সংঘটিত হৈছে এই ভয়ংকৰৰ ঘটনা।প্ৰকৃততে বাগিচাৰ একাংশ হাস্পতাল কেনেকৈ চলিছে, শ্ৰমিকৰ বাবে কিমান ভয়াবহ একাংশ বাগিচাৰ চিকিৎসালয়। ডিব্ৰুগড়ৰ এই ঘটনাই পুনৰ উদ্ৰেগ ঘটালে এই প্ৰশ্নৰ।

ঘটনাৰ বিৱৰণী মতে, নিজ গৃহত শিশুটিক মাতৃ দুগ্ধ পানৰ সময়ত মুখেৰে দুগ্ধ ওলাই অহাৰ পিছত দেউতাক–মাকে মটক চাহ বাগিচাৰ চিকিৎসালয়লৈ লৈ যায়। বাগানৰ চিকিৎসা কেন্দ্ৰত চিকিৎসক অবিহনে কমপাউণ্ডাৰে ২ মহীয়া দেৱশিশুটিক মৃত বুলি ঘোষণা কৰে। অসহায় হৈ মৃত বুলি দেৱশিশুটিক ঘৰলৈ লৈ আহে পিতৃ-মাতৃয়ে।

প্ৰায় চাৰিঘণ্টা ধৰি আত্মীয়–কুটুমৰ বাবে ঘৰত ৰখাই থোৱা পিছত সমাধিস্থ কৰাৰ বাবে নীতি–নিয়ম কৰা অৱস্থাত সকলোকে আচৰিত কৰি দেৱশিশুটিয়ে হাত–ভৰি লৰাবলৈ ধৰে। লগে-লগে দেৱশিশুটিক মাতৃয়ে দুগ্ধ পান কৰোৱাৰ চেষ্টা কৰে। শিশুটিয়েও মাকৰ গাখীৰ খাবলৈ ধৰে। উপস্থিত সকলোৱে শিশুটিক পুনৰ মটক চাহ বাগিচা হাস্পতালত লৈ যায়। একেখন চিকিৎসালয়ত এগৰাকী নাৰ্ছে পৰীক্ষা কৰি শিশুটি জীৱিত আছে বুলি পুনৰ ঘোষণা কৰে আৰু তৎকালীনভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰি দিয়ে।

কিন্তু অসম চিকিৎসা মহাবিদ্যালয়ত শিশুটি চিকিৎসকে কিছু সময়ৰ পূৰ্বে মৃত্যু হোৱা বুলি ঘোষণা কৰে। চাহ বাগিচাৰ হস্পতালত চিকিৎসাৰ হেমাহিৰ বাবেই প্ৰাণ গ'ল এটি দেৱশিশুৰ। প্ৰথমেই জীয়াই থকা শিশুটিক মৃত ঘোষণা কৰি চিকিৎসাত বহুত পলম হৈ যোৱাৰ বাবে শিশুটিক বচাব নোৱাৰা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ তুলিছে।

লাহোৱালৰ জংগলতলীৰ বাসিন্দা পাপু মুঢ়া আৰু নিহা মুঢ়াৰ দুমহীয়া পুত্ৰ পূৰৱ মুড়াৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
Published by: Sanjay Kumar Das
First published: November 8, 2020, 7:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading