• Home
  • »
  • News
  • »
  • assam
  • »
  • কেনেকৈ আত্মসাৎ কৰিছিল কোটি কোটি টকা? জেৰাত মুখ খুলিছে ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংকৰ MD শুভ্ৰজ্যোতি ভৰালীয়ে

কেনেকৈ আত্মসাৎ কৰিছিল কোটি কোটি টকা? জেৰাত মুখ খুলিছে ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংকৰ MD শুভ্ৰজ্যোতি ভৰালীয়ে

প্ৰতিজন কৰ্মচাৰীক ভৰালীয়ে দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে–পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷

প্ৰতিজন কৰ্মচাৰীক ভৰালীয়ে দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে–পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷

প্ৰতিজন কৰ্মচাৰীক ভৰালীয়ে দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে–পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷

  • Share this:
ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য ফাদিল৷ জেৰাত মুখ খুলিছে বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে৷ ভৰালীয়ে নিজৰ ব্যক্তিগত বিত্তিয় প্ৰতিষ্ঠানৰ জৰিয়তে চলাইছিল লুণ্ঠন৷ ‘অসমী ফাইনেন্স’ নামৰ এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰো মালিক ভৰালী৷ নিজৰ ব্যক্তিগত কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল ভৰালীয়ে৷ মুঠ ১২৫জন কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল শুভ্ৰজ্যোতি ভৰালীয়ে৷ ফিল্ড একজিকিউটিভ হিচাপে নিযুক্তি দিছিল ১৩জন কৰ্মচাৰীক৷ ধন সংগ্ৰাহক হিচাপে নিযুক্তি দিছিল শতাধিক কৰ্মচাৰীক৷

প্ৰতিজন কৰ্মচাৰীক ভৰালীয়ে দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে–পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷ কৰ্মচাৰীৰ নামত থকা অতিৰিক্ত দৰমহা আত্মসাৎ কৰিছিল ভৰালীয়ে৷ প্ৰতিজন কৰ্মচাৰীৰ পৰা ব্লেংক চেকত চহী ৰাখিছিল ভৰালীয়ে৷ প্ৰতিজন কৰ্মচাৰীৰে ৪-৫টাকৈ একাউণ্ট IDBI বেংকত খুলি দিছিল৷

পূৰ্বে বেংকটোত আত্মসহায়ক গোটক লোণ দিয়াৰ নিয়ম নাছিল৷ কিন্তু ভৰালীয়ে বেংকত যোগদান কৰিয়েই আত্মসহায়ক গোটক লোণ দিছিল৷ লোণৰ কিস্তি সংগ্ৰহৰ নামতো ৪ কোটি ৮২ লাখ আত্মসাৎ কৰিছিল৷ ইয়াৰ উপৰি TAৰ নামতো প্ৰায় ১ কোটি ১০ লাখ আত্মসাৎ কৰিছিল ভৰালীয়ে৷
Published by:Sanjay Kumar Das
First published: