• Home
  • »
  • News
  • »
  • assam
  • »
  • ইণ্ডো-নেপাল আন্ত:ৰাষ্ট্ৰীয় গেমছ-২০২২ত ভাৰতে আজুৰি আনিলে সোণৰ পদক, জ্বিলিকিল অসমৰ পৰশ

ইণ্ডো-নেপাল আন্ত:ৰাষ্ট্ৰীয় গেমছ-২০২২ত ভাৰতে আজুৰি আনিলে সোণৰ পদক, জ্বিলিকিল অসমৰ পৰশ

টাইকোৱাণ্ডোত সোণৰ পদক কঢ়িয়াই অসমলৈ গৌৰৱ কঢ়িয়ালে কলিয়াবৰ শিলঘাটৰ পৰশ জ্যোতি দাসে।

টাইকোৱাণ্ডোত সোণৰ পদক কঢ়িয়াই অসমলৈ গৌৰৱ কঢ়িয়ালে কলিয়াবৰ শিলঘাটৰ পৰশ জ্যোতি দাসে।

টাইকোৱাণ্ডোত সোণৰ পদক কঢ়িয়াই অসমলৈ গৌৰৱ কঢ়িয়ালে কলিয়াবৰ শিলঘাটৰ পৰশ জ্যোতি দাসে।

  • Share this:
ইণ্ডো নেপাল আন্ত:ৰাষ্ট্ৰীয় গেমছ-২০২২ ত ভাৰতে আজুৰি আনিলে সোণৰ পদক। টাইকোৱাণ্ডোত সোণৰ পদক কঢ়িয়াই অসমলৈ গৌৰৱ কঢ়িয়ালে কলিয়াবৰ শিলঘাটৰ পৰশ জ্যোতি দাসে।

২৮ মেৰ পৰা নেপালৰ কাঠমাণ্ডুত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল ইণ্ডো নেপাল আন্ত:ৰাষ্ট্ৰীয় গেমছ-২০২২। প্ৰতিযোগিতাত কলিয়াবৰৰ পৰশ জ্যোতি দাসে সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াইছে ভাৰতলৈ।

পৰশ জ্যোতি দাসে সমৰকলা বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গেমছত। সমৰকলাৰ জৰিয়তে এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে কণ-কণ শিশুক বিগত চাৰি বছৰে প্ৰদান কৰি আহিছিল সমৰকলাৰ প্ৰশিক্ষণ।

২০১৮ বৰ্ষত কলিয়াবৰ টাইকোৱাণ্ডো একাডেমী প্ৰতিষ্ঠা কৰি বহু ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ দি আহিছিল মাৰ্ছেল খেলুৱৈ পৰশ জ্যোতি দাসে। পৰশ জ্যোতি দাসৰ নেতৃত্বত কলিয়াবৰ টাইকোৱাণ্ডো একাডেমীৰ পৰা বহু কণ-কণ শিশুৱে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত সমৰকলা খেলত অংশগ্ৰহণ কৰি সফলতা বুটলিবলৈ সক্ষম হৈছিল।
Published by:Himangshu Bhuyan
First published: