উল্লেখ্য যে এই কেন্দ্ৰটোৰ (Indo-Israeli Centre of Excellence for Vegetables Protected Cultivation) মূল লক্ষ্য আছিল কৃষকক উপযুক্ত আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি উৎকৃষ্ট মানৰ শাক পাচলি উৎপাদন কৰা। কিন্তু সকলো যেন এতিয়া ফুটুকাৰ ফেন। বিভাগ তথা ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে কলিতেই মৰহিব ধৰিছে এই অভিলাষী আঁচনি।
উৎকৃষ্ট শাক পাচলিৰ পৰিৱৰ্তে কেন্দ্ৰটোত এতিয়া দেখিবলৈ পোৱা যায় ঘন হাবি জংঘল আৰু এক কদৰ্যময় পৰিৱেশ। স্থানীয় ৰাইজৰ আশা চৰকাৰে কেইবা কোটি টকীয়া এই আঁচনিৰ প্ৰতি মনোনিৱেশ কৰিলে ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব।