உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বাংলা ভাষা নোকোৱা বাবে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ অভিযোগ ২ খিলঞ্জীয়া মহিলাৰ

    বাংলা ভাষা নোকোৱা বাবে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ অভিযোগ ২ খিলঞ্জীয়া মহিলাৰ

     মেটাৰনিটী লিভৰ দিন পিছুৱাই থকাত ২৩ তাৰিখে মেটাৰনিটী লিভত যোৱা উক্ত মহিলাগৰাকীয়ে ২৪ তাৰিখে জন্ম দিছিল সন্তান।  

    মেটাৰনিটী লিভৰ দিন পিছুৱাই থকাত ২৩ তাৰিখে মেটাৰনিটী লিভত যোৱা উক্ত মহিলাগৰাকীয়ে ২৪ তাৰিখে জন্ম দিছিল সন্তান।  

    মেটাৰনিটী লিভৰ দিন পিছুৱাই থকাত ২৩ তাৰিখে মেটাৰনিটী লিভত যোৱা উক্ত মহিলাগৰাকীয়ে ২৪ তাৰিখে জন্ম দিছিল সন্তান।  

    • Share this:

    ভাৰতীয় মৰাপাট নিগমৰ জুৰীয়াস্থিত একমাত্ৰ আঞ্চলিক কাৰ্যালয়ত স্থানীয় মহিলা কৰ্মচাৰীক বঙালী ভাষা ক'বলৈ হেঁচা প্ৰয়োগৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বঙালী ভাষা নোকোৱাৰ বাবেই আনকি স্থানীয় খিলঞ্জীয়া মহিলা কৰ্মচাৰীক কামৰ পৰা চাটাই কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷


    খিলঞ্জীয়া মহিলা কৰ্মচাৰীক বঙালী ভাষা নোকোৱাৰ বাবেই কামৰ পৰা অব্যাহতি দিয়াৰ এই অভিযোগ  উঠিছে কলকাতা আৰু কোচবিহাৰৰ পৰা অহা দুই বাংলাভাষী বিষয়া ক্ৰমে শিৱ কুমাৰ জানা আৰু সঞ্জয় কুমাৰ বৰ্মনৰ বিৰুদ্ধে। দুই বিষয়াই আনকি মেটাৰনিটী লিভ প্ৰদানৰ ক্ষেত্ৰতো দেখুৱাই চৰম অমানৱীয়তা। এগৰাকী মহিলা কৰ্মচাৰীয়ে অভিযোগ কৰা মতে, মেটাৰনিটী লিভৰ বাবে অনুৰোধ কৰাৰ পিছতো দিন পিছুৱাই আছিল, ফলত ২৩ তাৰিখে মেটাৰনিটী লিভত যোৱা উক্ত মহিলাগৰাকীয়ে ২৪ তাৰিখে জন্ম দিছিল সন্তান।


    দীৰ্ঘদিন ধৰি ভাৰতীয় মৰাপাট নিগমৰ নগাঁও জিলাৰ জুৰীয়াস্থিত একমাত্ৰ আঞ্চলিক কাৰ্যালয়ত কৰ্মৰত এই দুগৰাকী স্থানীয় খিলঞ্জীয়া মহিলা কৰ্মচাৰী। কিন্তু  R.M আৰু F.M. হিচাপে কৰ্মৰত দুই বিষয়াই বঙালী ভাষা ক'বলৈ হেঁচা প্ৰয়োগৰ লগতে বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে দুয়োৱে। এতিয়া দুয়োগৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত অতি কৌশলেৰে সেই দুটা পদৰ বাবে কোনো জাননী নোহোৱাকৈ  কাইলৈ পৰীক্ষা পতাৰো প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।


    যিটো সময়ত অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে সেইটো সময়তে অসমৰ এটা কাৰ্যালয়ত কেৱল বঙালী ভাষা নোকোৱাৰ বাবেই দুগৰাকীকৈ মহিলা কৰ্মচাৰীক কামৰ পৰা চাটাই কৰা তথা মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

    Published by:Gautam Barman
    First published: