অসমৰ প্ৰস্তাৱিত খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদৰ নাম এতিয়া হ’ব গৰিয়া–মৰিয়া,দেশী,জুলহা উন্নয়ন পৰিষদ। কিছু বিতৰ্কৰ কাৰণে চৰকাৰে পৰিষদৰ নামৰ পৰা ‘খিলঞ্জীয়া’ আৰু ‘মুছলমান’ শব্দ দুটা ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে। মঙলবাৰে অসমৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে তিনি ঘণ্টা জোৰা বৈঠকৰ পিছত এই কথা জনাই সংখ্যালঘূ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই। উল্লেখযোগ্য যে, ২০১৯–২০ৰ বাজেটত এই পৰিষদক অন্তৰ্ভুক্ত কৰা হৈছে। ‘খিলঞ্জীয়া আৰু ভুমিপুত্ৰ এই শব্দ দুটাক লৈ বহুত বিতৰ্ক হোৱাৰ কাৰণে এই সিদ্ধান্ত লোৱা হ’ল। যিহেতু এতিয়াও এই সংজ্ঞা ভালকৈ নিৰ্ধাৰণ কৰা হোৱা নাই সেইকাৰণে আন কেতবোৰ গোটেও খিলঞ্জীয়া সংজ্ঞাৰ অধিকাৰী বুলি দাবী কৰিব পাৰে।’ ৰঞ্জিত দত্তই কয়।
তাৎপৰ্যপূৰ্ণ যে অসম সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালে অসমৰ প্ৰায় ১ কোটি ৩০ লাখ মুছলমানৰ ভিতৰত কমেও ৯০ লাখ বাংলাদেশী মূলৰ মুছলমান আছে বুলি উল্লেখ কৰিছে। ‘আমি প্ৰস্তাৱ দিছো যে, ৰাজহ বিভাগে কৰিবলগীয়া এই জনগণনাত সংখ্যালঘূ উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ সহযোগ লোৱা হওক। কেনেকৈ এই জনগণনা কৰা হ’ব তাৰ সিদ্ধান্ত শীঘ্ৰেই লোৱা হ’ব। গৰিয়া আৰু মৰিয়াৰ সামাজিক পৰিচয় তেওঁলোকে থকা ঠাই আৰু কোৱা ভাষাৰ পৰা নিৰ্ধাৰণ কৰিব পাৰি।’ আৱালে কয়।
ৰাজ্যৰ ১ কোটি ৩০ লাখ মুছলমান লোকক সামৰি কৰিবলগীয়া এই জনগণনাৰ জৰিয়তে গৰিয়া–মৰিয়া, দেশী আৰু জুলহা মুছলমান সকলৰ উন্নয়নৰ কাৰণে চৰকাৰে বিশেষ পদক্ষেপ ল’ব বুলি আশাবাদী সদৌ অসম গৰিয়া–মৰিয়া দেশী পৰিষদ আৰু বিভিন্ন গোট। উন্নয়নমূলক আচঁনিতকৈও আমি এই প্ৰক্ৰিয়াৰ জৰিয়তে এটা বৈধ পৰিচয় লাভ কৰাক লৈ আশাবাদী। আমাৰ পৰিচয় সদায় এক ধুঁৱলী–কুঁৱলী হৈ থকাৰ কাৰণে আমি উদ্বিগ্ন হৈ আছিলো। সংবাদমাধ্যমৰ আগত কয় সদৌ অসম গৰিয়া–মৰিয়া পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 12, 2020, 12:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।