মুখ্যপৃষ্ঠা »খবৰ »অসম »ড০ ভূপেন হাজৰিকাৰ আজি ৯৬সংখ্যক জন্ম দিৱস, কলাত্মক ডুডলৰ জৰিয়তে ভাৰতৰত্নক স্মৰণ গুগলৰ

ড০ ভূপেন হাজৰিকাৰ আজি ৯৬সংখ্যক জন্ম দিৱস, কলাত্মক ডুডলৰ জৰিয়তে ভাৰতৰত্নক স্মৰণ গুগলৰ

বৃহস্পতিবাৰে গুগলে ভূপেন হাজৰিকাৰ জন্মদিন এই বিশেষ ডুডলৰ সৈতে উদযাপন কৰে।

বৃহস্পতিবাৰে গুগলে ভূপেন হাজৰিকাৰ জন্মদিন এই বিশেষ ডুডলৰ সৈতে উদযাপন কৰে।

বৃহস্পতিবাৰে গুগলে ভূপেন হাজৰিকাৰ জন্মদিন এই বিশেষ ডুডলৰ সৈতে উদযাপন কৰে।

  • Share this:
অসমগৌৰৱ সংগীতজ্ঞ, সুৰকাৰ ড০ ভূপেন হাজৰিকাৰ আজি ৯৬তম জন্ম দিন। এই দিন উপলক্ষে তেখেতে সংগীত জগতত আগবঢ়োৱা অৱদানক সন্মান জনাবলৈ গুগলে এটা ডুডল প্ৰস্তুত কৰিছে। গুগলে বৃহস্পতিবাৰে ভূপেন হাজৰিকাৰ জন্মদিন এই বিশেষ ডুডলৰ সৈতে উদযাপন কৰে।

গুগলে নিজৰ টুইটাৰ একাউন্টত ভূপেন হাজৰিকাৰ জন্ম দিনৰ এটা পোষ্ট শ্বেয়াৰ কৰে য’ত এই ডুডলটো সংলগ্ন কৰে। উক্ত পোষ্টটোত গুগলে সকলোকে উদ্দেশ্যি লিখে, ‘আপুনি জানেনে ভূপেন হাজৰিকা এজন অসমীয়া–ভাৰতীয় শিশু প্ৰডিজি আছিল যিয়ে মাত্ৰ ১২ বছৰ বয়সতে চলচ্চিত্ৰৰ বাবে গান গাবলৈ আৰু সংগীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল।"

গুগলে লগতে কয় যে,‘শুভ জন্মদিন ভূপেন হাজৰিকা! আপোনাৰ গান আৰু চলচ্চিত্ৰই অসমৰ সমৃদ্ধ সংস্কৃতিৰ প্ৰতি সন্মান বৰ্তমানেও অব্যাহত ৰাখিছে।’ ইয়াৰোপৰি গুগলে জনায় যে, মুম্বাইস্থিত অতিথি শিল্পী ৰুতুজা মালীৰ দ্বাৰা চিত্ৰিত এই শিল্পকৰ্মটোৱে অসমৰ চলচ্চিত্ৰ আৰু লোক সংগীতক জনপ্ৰিয় কৰাৰ বাবে হাজৰিকাৰ কাম উদযাপন কৰে।



এগৰাকী শিশু হিচাপে তেওঁ শক্তিশালী ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ জীৱনসম্পৰ্কীয় গীত আৰু লোককাহিনীৰ পৰিৱেশৰ মাজতে জীৱন কটাইছিল। তেখেতৰ সংগীত প্ৰতিভাই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিসকল অসমৰ সমৃদ্ধ সাংস্কৃতিক ইতিহাসৰ গুৰি ধৰোঁতা আছিল। এই দুগৰাকী ব্যক্তিয়ে ভূপেন হাজৰিকাৰ প্ৰথম গীত ৰেকৰ্ড কৰাত সহায় কৰিছিল।

তেখেতৰ জন্ম ৮ ছেপ্তেম্বৰ ১৯২৬ চনত অসমত হৈছিল। ভূপেন হাজৰিকাই নিজৰ সংগীত জীৱন ১০ বছৰ বয়সতে আৰম্ভ কৰিছিল। ১২ বছৰ বয়সত তেওঁ দুখন চলচিত্ৰৰ বাবে গীত লিখা আৰু ৰেকৰ্ড কৰিছিল। সেই গীত দুটা আছিল ‘কাষতে কলচী লৈ' আৰু ‘বিশ্ব বিজয় নজোৱান’। তেখেতৰ ৫ নবেম্বৰ ২০১১ চনত পৰলোক প্ৰাপ্তি হৈছিল।

ভূপেন হাজৰিকাই ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণ যোগাযোগ বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰিছিল।

আমেৰিকাত পঢ়া জীৱন শেষ কৰাৰ পিছত ড০ হাজৰিকাই ভাৰতলৈ উভতি আহি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সংস্কৃতিক জনপ্ৰিয় কৰা গান আৰু চলচ্চিত্ৰৰ ওপৰত কাম অব্যাহত ৰাখিছিল। তেখেতে অসমীয়া, বাংলা আৰু হিন্দি ছবিকে আদি কৰি বহু গানৰ এলবামত নিজৰ সুৰ প্ৰদান কৰিছে।

ড০ ভূপেন হাজৰিকাই ছয় দশক জোৰা এক দীঘলীয়া কৰ্মজীৱনত সংগীত আৰু সংস্কৃতিলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা, দাদাচাহেব ফালকে বঁটা, পদ্মশ্ৰী আৰু পদ্মভূষণকে ধৰি কেইবাটাও সন্মানীয় পুৰস্কাৰ লাভ কৰিছিল। ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।

শেহতীয়া বাতৰি