• Home
  • »
  • News
  • »
  • assam
  • »
  • Indian Railway: আন্তঃগাঁথনি উন্নয়নৰ কাৰ্য গ্ৰহণৰ বাবে ৰে'লৰ বাতিলকৰণ আৰু গতি পৰিৱৰ্তন

Indian Railway: আন্তঃগাঁথনি উন্নয়নৰ কাৰ্য গ্ৰহণৰ বাবে ৰে'লৰ বাতিলকৰণ আৰু গতি পৰিৱৰ্তন

ৰে'ল নং ০২৯৮৬/০২৯৮৭ৰ ডিব্ৰুগড়-এছএমভিটি বেংগালুৰু-ডিব্ৰুগড় বিশেষ ৰে'লৰ নতুন ষ্টপেজ 

ৰে'ল নং ০২৯৮৬/০২৯৮৭ৰ ডিব্ৰুগড়-এছএমভিটি বেংগালুৰু-ডিব্ৰুগড় বিশেষ ৰে'লৰ নতুন ষ্টপেজ 

ৰে'ল নং ০২৯৮৬/০২৯৮৭ৰ ডিব্ৰুগড়-এছএমভিটি বেংগালুৰু-ডিব্ৰুগড় বিশেষ ৰে'লৰ নতুন ষ্টপেজ 

  • Share this:
পূব ৰে'লৱেৰ ৰছুলপুৰ-শক্তিগড় খণ্ডত তৃতীয় নতুন ৰেলপথ নিৰ্মাণৰ বাবে, শক্তিগড় ষ্টেচনত টি এণ্ড পি ব্লকৰ সৈতে প্ৰি নন-ইণ্টাৰলকিং কামৰ প্ৰয়োজন হোৱাত কেইবাখনো ৰে'ল বাতিল কৰাৰ লগতে আন কেইখনমান ৰে'লৰ গতি পৰিৱৰ্তন কৰা হৈছে। সংবাদ মাধ্যমলৈ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে (NFR)ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই প্ৰেৰণকৰা এক প্ৰেছ বিজ্ঞপ্ত অনুসৰি নিম্নলিখিত কেইখনমান ৰেলকেইখন বাতিল কৰা হৈছে আৰু কেইখনমানৰ গতি পৰিৱৰ্তন কৰা হৈছে।

ৰে'ল সেৱাৰ বাতিলকৰণ: 

৫ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰ, ২০২২ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৩০৫৩ (হাওড়া – ৰাধিকাপুৰ) এক্সপ্ৰেছ আৰু ৬ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰ, ২০২২ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৩০৫৪ (ৰাধিকাপুৰ-হাওড়া) এক্সপ্ৰেছ বাতিল থাকিব।

ৰে'ল সেৱাৰ গতি পৰিৱৰ্তন:

৩ ছেপ্টেম্বৰ তাৰিখৰ পৰা ১৩ ছেপ্টেম্বৰ, ২০২২ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১৩১৬২ (বালুৰঘাট – কলকাতা ) এক্সপ্ৰেছ; ৪, ৭ আৰু ০৯ ছেপ্টেম্বৰ, ২০২২ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১২৩৬৪ (হলদিবাৰী– কলকাতা) এক্সপ্ৰেছ আৰু ১২ ছেপ্টেম্বৰ, ২০২২ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৩১৭৬ (শিলচৰ – শিয়ালদহ) এক্সপ্ৰেছ নিউ ফাৰাক্কা জংচন– আজিমগঞ্জ জংচন- কাটৱা জংচন – বাণ্ডেল জংচন হৈ গতি পৰিৱৰ্তন কৰিব আৰু আজিমগঞ্জ জংচন আৰু কাটৱা জংচনৰ মাজত ষ্টপেজ থাকিব।

লগতে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই গোসাইগাঁও হাট আৰু নিউ কোচবিহাৰ অঞ্চলৰ ৰে'ল যাত্ৰীসকলৰ সুবিধাৰ বাবে এই ষ্টেচনকেইটাত ৰে'ল নং. ০২৯৮৬/০২৯৮৭ (ডিব্ৰুগড়– এছএমভিটি বেংগালুৰু- ডিব্ৰুগড়) সাপ্তাহিক বিশেষ ৰে'লখনৰ অতিৰিক্ত ষ্টপেজ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ডিব্ৰুগড়– এছএমভিটি বেংগালুৰু- ডিব্ৰুগড় সাপ্তাহিক বিশেষ ৰে'লখন ইয়াৰ উভয় যাত্ৰাৰ সময়ত গোসাঁইগাঁও হাটত ২ মিনিট আৰু নিউ কোচবিহাৰ ষ্টেচনত ৫ মিনিটৰ বাবে ষ্টপেজ থাকিব।

৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখৰ পৰা পুৱা ৭ বাজি ৩০ মিনিটত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ০২৯৮৬ (ডিব্ৰুগড়– এছএমভিটি বেংগালুৰু) একেদিনাই নিশা ১১ বাজি ৫৭ মিনিটত গোসাইগাঁও হাটত উপস্থিত হ'ব আৰু পিছদিনা ০০.৫০ বজাত নিউ কোচবিহাৰত উপস্থিত হ'ব। ৯ ছেপ্টেম্বৰ, ২০২২ ৰ পৰা পুৱা ১০ বাজি ১৫ মিনিটত এছএমভিটি বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ০২৯৮৭ (এছএমভিটি বেংগালুৰু- ডিব্ৰুগড়) যাত্ৰাৰ তৃতীয় দিনা (অৰ্থাৎ দেওবাৰে) পুৱা ৬ বাজি ৩৭ মিনিটত নিউ কোচবিহাৰ আৰু ৭ বাজি ৫৩ মিনিটত গোসাইগাঁও হাটত উপস্থিত হ'ব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি