
ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত অংশলৈ গুৱাহাটীত আহি উপস্থিত হোৱা তাৰকা ফুটবলাৰ হলিচৰণ নাৰ্জাৰীক ভোট গণনাৰ দায়িত্ব দিয়াত খেলুৱৈগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে।
ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত অংশলৈ গুৱাহাটীত আহি উপস্থিত হোৱা তাৰকা ফুটবলাৰ হলিচৰণ নাৰ্জাৰীক ভোট গণনাৰ দায়িত্ব দিয়াত খেলুৱৈগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে।
২ মে'ত অসম বিধান সভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব। এই ভোট গণনাত পশ্চিম গুৱাহাটী সমষ্টিৰ দায়িত্ব লাভ কৰিছে টীম ইন্ডিয়াৰ তাৰকা ফুটবলাৰ হলিচৰন নাৰ্জাৰীয়ে। বিধানসবা নিৰ্বাচনৰ ভোটগণনাৰ দায়িত্ব লাভ কৰি এতিয়া আচৰিত হৈছে তাৰকা ফুটবলাৰগৰাকী। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, "মোক কিয় ভোট গণনাৰ দায়িত্ব দিছে, মই ভোটৰ কথা বুজি নাপাও, মোক খেলপথাৰৰ দায়িত্ব দিয়ক।"
ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত অংশলৈ গুৱাহাটীত আহি উপস্থিত হোৱা তাৰকা ফুটবলাৰ হলিচৰণ নাৰ্জাৰীক ভোট গণনাৰ দায়িত্ব দিয়াত খেলুৱৈগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে। ভোট গণনাৰ দায়িত্ব পাই আচৰিত হোৱা হলিচৰণ নাৰ্জাৰীয়ে NEWS18ক জনাই যে, তেওঁৰ বাবে অনুশীলন অতি প্ৰযোজনীয়। সৰুসজাইত দুয়োটা বেলা অনুশীলন চলোৱা হলিচৰণ নাৰ্জাৰীৰ সন্মুখত আছে ২০২২ চনৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী আন কেইবাখনো খেল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|