• Home
  • »
  • News
  • »
  • assam
  • »
  • Sukanjuli Firing Range: ভাৰত- ভূটান সীমান্তৰ পাহাৰপুৰত হঠাতে ঘৰৰ টিন ফুটি মজিয়াত পৰিল ৰকেট, চাঞ্চল্য

Sukanjuli Firing Range: ভাৰত- ভূটান সীমান্তৰ পাহাৰপুৰত হঠাতে ঘৰৰ টিন ফুটি মজিয়াত পৰিল ৰকেট, চাঞ্চল্য

Rocket launcher falls at home: ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Rocket launcher falls at home: ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Rocket launcher falls at home: ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

  • Share this:
আতংকৰ আন এটা নাম হৈছে শুকানজুলি ফায়াৰিং ৰেঞ্জ ৷ ভাৰতীয় সেনাৰ গোলা-বাৰুদৰ প্ৰশিক্ষণক লৈ আতংকিত ভাৰত- ভূটান সীমান্তৰ ৰাইজ ৷ সেনাৰ গোলাবৰ্ষণত কেতিয়া কাৰ মৃত্যু হয় সেয়া যেন নিশ্চয়তা নোহোৱা হৈছে অঞ্চলটোত ৷ তামুলপুৰ (Tamulpur) জিলাৰ ভাৰত- ভূটান সীমান্তত আজি পুনৰ এক অঘটন সংঘটিত হয় ৷

ভাৰতীয় সেনাৰ ৰকেট  (Rocket) আহি পৰে এটা পৰিয়ালৰ বাসগৃৃহত ৷ ভাৰত- ভূটান সীমান্তৰ পাহাৰপুৰৰ অজিত ৰামচিয়াৰী নামৰ লোকজনৰ ঘৰৰ ভিতৰত পৰে ৰকেটটো ৷ ভাৰতীয় সেনাৰ পাঞ্জাৱ ৰেজিমেন্টে শুকানজুলি ফায়াৰিং ৰেঞ্জত (Sukanjuli Firing Range) গোলা- বাৰুদৰ প্ৰশিক্ষণ চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনাটো ৷

সৌভাগ্যক্ৰমে পৰিয়ালটোৰ প্ৰাণৰক্ষা পৰে যদিও ঘটনাত সন্ত্ৰস্ত হৈ আছে অঞ্চলটোৰ ৰাইজ। সেনাৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, পাঞ্জাৱ ৰেজিমেন্টৰ জোৱানে গোলা- বাৰুদৰ প্ৰশিক্ষণ লৈ থকাৰ সময়ত ৰকেট লঞ্চাৰ লক্ষ্যভ্ৰষ্ট হৈ এটা ৰকেট পৰিয়ালটোৰ ঘৰৰ ভিতৰত পৰে ৷

উল্লেখ্য যে সেই সময়ত অজিত ৰামচিয়াৰীৰ পত্নী ঘৰৰ ভিতৰতে শুই আছিল। সেনাৰ দ্বাৰা লক্ষ্যভ্ৰষ্ট ৰকেটটো ঘৰৰ মুধচেৰে সোমাই প্ৰায় দুফুট মাটিত সোমাই যায় ৷  পিছত সেনা (Indian Army) আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ৰকেটটো উদ্ধাৰ কৰে যদিও ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

প্ৰণিধানযোগ্য যে প্ৰায় এমাহ পূৰ্বে পাহাৰপুৰৰ পৰমেশ হাচদা নামৰ লোকজনৰ ঘৰত এটা সেনাৰ বোমা পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল ৷ আনহাতে বিগত সময়চোৱাত কেইবাজনো ব্যক্তিৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে অৰ্ধশতাধিক লোক ঘুণীয়া হৈ আছে ৷ কিন্তু আজি পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটাত অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি