মুখ্যপৃষ্ঠা »খবৰ »অসম »‘ছাৰ আপোনাক বহুত ভাল পাওঁ’ – হিটমেন ৰোহিত শৰ্মাক কাষতে পাই কান্দি উঠিল কণমানি অনুৰাগী

‘ছাৰ আপোনাক বহুত ভাল পাওঁ’ – হিটমেন ৰোহিত শৰ্মাক কাষতে পাই কান্দি উঠিল কণমানি অনুৰাগী

ৰোহিত শৰ্মাক দেখি আবেগিক হৈ পৰিল শিশুটি। দচকুৰে ওলাই আহিল চকুলো। ৰোহিত শৰ্মাক দেখি কান্দি কান্দি ক’লে – ছাৰ আপোনাক বহুত ভাল পাওঁ।

  • Share this:
এটি কণমানি। ক্ৰিকেটৰ অনুৰাগী সি। তাতোকৈ ডাঙৰ অনুৰাগী হিটমেন ৰোহিত শৰ্মাৰ! গুৱাহাটীৰ বৰ্ষাপাৰ ষ্টেডিয়ামত টীম ইণ্ডিয়াই অনুশীলন চলাইছে। শুনিয়ে দৌৰি আহিল ষ্টেডিয়ামলৈ। টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধি ষ্টেডিয়ামৰ বাহিৰত ৰৈ থাকিল নিজৰ প্ৰিয় ক্ৰিকেটাৰগৰাকীক এবাৰ চোৱাৰ হেঁপাহেৰে।

নিৰ্দিষ্ট সময়ত অনুশীলন শেষ হ’ল। ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ। হয়তো সেই কথা অনুমান কৰিব পাৰিছিল ৰোহিত শৰ্মাই। অনুৰাগীক নিৰাশ নকৰি আগবাঢ়ি আহিল মেন ইন ব্লুৰ অধিনায়ক ৰোহিত শৰ্মা। ভিৰৰ মাজতে সেই শিশুটিৰ ফালেই আগুৱাই গ’ল ৰোহিত শৰ্মা।

ৰোহিত শৰ্মাক দেখি আবেগিক হৈ পৰিল শিশুটি। দচকুৰে ওলাই আহিল চকুলো। ৰোহিত শৰ্মাক দেখি কান্দি কান্দি ক’লে – ছাৰ আপোনাক বহুত ভাল পাওঁ।

শিশুটিক মৰম কৰি হিটমেনে ক’লে – ‘ৰোনে কী ক্যা বাত হ্যে, ছোটে বচ্চে হো অভী, ইতনা মোটা মোটা গাল কৰ লিয়া।’ সেমেকা চমু মচি এক প্ৰাপ্তিৰ হাঁহি মাৰিলে কণমানিটিয়ে। প্ৰিয় ক্ৰিকেটাৰগৰাকীক কাষৰ পৰা চোৱাৰ হেঁপাহটো পূৰণ হ’ল তাৰ।

উল্লেখযোগ্য যে আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এখন এদিনীয়া মেচ। দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেলখন। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন। সাজু ক্ৰিকেট অনুৰাগী, সাজু গুৱাহাটী।

শেহতীয়া বাতৰি