• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি মুকলি হ'ল বিগত তিনি বছৰে বন্ধ হৈ থকা অসমৰ ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ

আজি মুকলি হ'ল বিগত তিনি বছৰে বন্ধ হৈ থকা অসমৰ ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ

আজি মুকলি হ'ল বিগত তিনি বছৰে বন্ধ হৈ থকা অসমৰ ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ

আজি মুকলি হ'ল বিগত তিনি বছৰে বন্ধ হৈ থকা অসমৰ ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ

বৰ্তমানৰ তামুলপুৰ জিলাৰ সীমান্তৰ পূৱ-ভূটানৰ সদৰ চামদ্ৰুপ ঝংখাৰৰ দুৱাৰ বন্ধৰ ফলত এসময়ৰ দৰংগামেলা  চহৰখনৰ বেপাৰ বাণিজ্য়ৰ পৰিকাঠামো ভাঙি পৰিছিল৷

  • Share this:
ভাৰত-ভূটান সীমান্তৰ ছানদ্ৰুপজংখাৰৰ প্ৰৱেশদ্বাৰত উৎসৱমুখৰ পৰিৱেশ৷ ক'ভিড পৰিস্থিতিৰ বাবে ভাৰত-ভূটান সীমান্তৰ ভূটানৰ প্ৰৱেশদ্বাৰ সমূহ বিগত প্ৰায় তিনি বছৰ ধৰি বন্ধ  হৈ থকাৰ পাছত আজিৰে পৰা পুনৰ খোল খালে অসমৰ তামুলপুৰ জিলাৰ সীমান্তৰ ভূটান ৰাষ্ট্ৰৰ চামদ্ৰুপ ঝংখাৰ প্ৰৱেশদ্বাৰ৷ বন্ধু ৰাষ্ট্ৰ ভূটানৰ সৈতে অসম সীমান্তৰ আহ -জাহ বন্ধ হোৱাৰ লগতে বেপাৰ বাণিজ্য় বন্ধ হৈ পৰিছিল৷ আনকি বৰ্তমানৰ তামুলপুৰ জিলাৰ সীমান্তৰ পূৱ-ভূটানৰ সদৰ চামদ্ৰুপ ঝংখাৰৰ দুৱাৰ বন্ধৰ ফলত এসময়ৰ দৰংগামেলা  চহৰখনৰ বেপাৰ বাণিজ্য়ৰ পৰিকাঠামো ভাঙি পৰিছিল৷ দৰংগামেলা, এন কে দৰংগাৰ ব্যৱসায়ীসকলৰ জীৱন জীৱিকাৰ পথো স্তব্ধ হৈ পৰাত একাংশ ব্যৱসায়ীয়ে নতুন কৰ্মৰ সন্ধানত নামি পৰিছিল ৷

ক'ভিড পৰিৱেশ কিছু শিথিল হোৱাত ভূটানৰ পৰা যান-বাহন চলাচল কৰিব দিয়া হৈছিল যদিওঁ অসমৰ জনসাধাৰণ তথা পৰ্যটকৰ কাৰণে দুৱাৰ খোলা হোৱা নাছিল৷ আজি ভাৰত ভূটান সীমান্তৰ বিটিআৰৰ অন্তৰ্ভুক্ত জিলাৰ সীমান্তত থকা প্ৰৱেশদ্বাৰ ক্ৰমে গেলেফু (দাদাগিৰি - হাতিসাৰ) বাক্সাৰ  নামলাং আৰু পানবাংৰ লগতে তামুলপুৰ জিলাৰ চামদ্ৰুপ ঝংখাৰৰ মূল প্ৰৱেশদ্বাৰ খোল খালে সাধাৰণ জনতাৰ লগতে বেপাৰ বাণিজ্য়ৰ উপৰিও পৰ্যটকৰ কাৰণে৷

উল্লেখযোগ্য় যে, দুয়োদেশৰ হৈ বিটিআৰ আৰু ভূটান চৰকাৰৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনামৰ্মে আজিৰে পৰা খোল খালে প্ৰৱেশদ্বাৰসমূহ৷ ফলস্বৰুপে আজি তামুলপুৰ জিলাৰ চামদ্ৰুপ ঝংখাৰ প্ৰৱেশদ্বাৰ খোলাত উৎসাহী হোৱা দেখা গৈছে সীমান্তৰ ব্যৱসায়ী সকলক৷ ইতিমধ্যে ভূটানত প্ৰৱেশৰ বাবে ভাৰতীয় লোকসকলে শাৰী পতা পৰিলক্ষিত হৈছে৷

জানিব পৰা মতে, ভূটান চৰকাৰেও পৰ্যটকৰ কাৰণে ৰাষ্ট্ৰখনৰ জৈৱ বৈচিত্ৰ্য আকৰ্ষিত কৰাৰ কাৰণে BIRD WATCH আৰু বিভিন্ন পৰ্যটনস্থলীসমূহ সাজু কৰিছে ৷ অৱশ্যে ভাৰতীয় পৰ্যটকসকলে কিছু নিয়ম নীতিৰ মাজেৰে দেশখনত প্ৰৱেশ কৰিব পাৰিব৷ ইপিনে বিশেষকৈ তামুলপুৰ জিলাৰ চামদ্ৰুপ ঝংখাৰ গেট খোলাত উৎসাহী হোৱা দেখা গৈছে সীমান্তৰ ব্যৱসায়ীসকলক৷ ইতিমধ্যেই এন কে দৰংগাৰ প্ৰায় তিনিশতাধিক দোকান পোহাৰৰ মালিক কৰ্মচাৰীসকলে এনেদৰেই প্ৰায় তিনি বছৰ ধৰি বন্ধ হৈ থকা দোকান পোহাৰবোৰ মেৰামতি কৰি ৰং আদি লগাই দোকান খুলিবৰ বাবে সাজু হৈছে ৷ আগৰ সেই ভাল দিনবোৰ শীঘ্ৰেই উভতি আহক বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷
Published by:Subham Goswami
First published: