
ৰহা টাউনত জাৱৰৰ দ'মত কোনো দুষ্ট চক্ৰই পেলাই থৈ গ'ল জাতীয় পতাকা।
ৰহা টাউনত জাৱৰৰ দ'মত কোনো দুষ্ট চক্ৰই পেলাই থৈ গ'ল জাতীয় পতাকা।
দেশে পালন কৰিছে ৭৬সংখ্যক স্বাধীনতা দিৱস। আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী। প্ৰতিজন লোকেই স্বাধীনতাৰ আনন্দ উপভোগ কৰিছে। তাৰ মাজতে ৰহাৰ পদুমনিত সংঘটিত হ’ল আশ্চৰ্যজনক ঘটনা।
ৰহাত অপমানিত হ’ল দেশৰ স্বাভিমান জাতীয় পতাকাখন। ৰহাৰ পদুমনি দলঙত ওলোটাকৈ পথালিকৈ হ'ল জাতীয় পতাকা। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
আনহাতে, ৰহা টাউনত জাৱৰৰ দ'মত কোনো দুষ্ট চক্ৰই পেলাই থৈ গ'ল জাতীয় পতাকা। এই সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ জনসাধাৰণক জাতীয় পতাকাখনক মৰ্যদা প্ৰদান কৰি সযতনে সন্মান সহকাৰে উত্তোলন কৰিবলৈ লগতে ৰক্ষা কৰিবলৈ আহ্বান জনায়।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|