ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে নগাঁৱৰ মুক্তিযুঁজাৰুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সলনি মুক্তিযুঁজাৰুৰ ঘৰতে গৈ সম্বৰ্ধনা জনালে মন্ত্ৰী কেশৱ মহন্তই। দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ অহা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নগাঁৱৰ আমোলাপট্টি আৰু পানীগাঁও চাৰিআলিস্থিত দুগৰাকী মুক্তিযুঁজাৰুৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
আমোলাপট্টিৰ ৯২বছৰীয়া মুক্তিযোদ্ধা শ্ৰীযুতা ৰত্নমালা গোঁহাই আৰু পানীগাঁও চাৰিআলিৰ মুক্তিযোদ্ধা শ্ৰীযুত যতীন্দ্ৰ নাথ হাজৰিকাক গামোচা-শৰাইৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে শ্ৰীযুতা ৰত্নমালা গোহাঁই '৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ ভোগেশ্বৰী ফুকননীৰ কন্যা।
এই সম্বৰ্ধনা কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন আৰু নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও উপস্থিত থাকে।
প্ৰতিবাৰ স্বাধীনতা দিৱসতে অসম চৰকাৰৰ তৰফৰ পৰা মুক্তিযোদ্ধাসকলক সম্বৰ্ধনা জনোৱা হয় যদিও বিগত বৰ্ষৰ পৰা ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দেশৰ স্বাধীনতা সংগ্ৰামত সৰ্বস্ব ত্যাগ কৰা মুক্তিযোদ্ধাসকলক সম্বৰ্ধনা জনোৱাত চৰকাৰ অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে স্বাধীনতা দিৱসৰ এটা দিন পূৰ্বেই মুক্তিযোদ্ধাসকলক এইদৰে ঘৰতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰাৰ কথা সংবাদ মাধ্যমক জনাইছে জিলা প্ৰশাসনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|