• Home
  • »
  • News
  • »
  • assam
  • »
  • Independence Day | ‘মই হাতযোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে ঘৰত কাম কৰিবলৈ অনা ছোৱালীজনীকো নিজৰ ছোৱালীজনীৰ দৰেই মৰম দিয়ক’ – মুখ্যমন্ত্ৰী

Independence Day | ‘মই হাতযোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে ঘৰত কাম কৰিবলৈ অনা ছোৱালীজনীকো নিজৰ ছোৱালীজনীৰ দৰেই মৰম দিয়ক’ – মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয়, আৰক্ষীয়ে কি তদন্ত কৰিছিল বা নকৰিছিল সেয়া বেলেগ কথা, কিন্তু মই অসমৰ ৰাইজক অনুৰোধ কৰিম – সেই কাম কৰিবলৈ অহা ছোৱালীজনী মোৰ ছোৱালীয়ে নহয় জানো।

মুখ্যমন্ত্ৰীয়ে কয়, আৰক্ষীয়ে কি তদন্ত কৰিছিল বা নকৰিছিল সেয়া বেলেগ কথা, কিন্তু মই অসমৰ ৰাইজক অনুৰোধ কৰিম – সেই কাম কৰিবলৈ অহা ছোৱালীজনী মোৰ ছোৱালীয়ে নহয় জানো।

মুখ্যমন্ত্ৰীয়ে কয়, আৰক্ষীয়ে কি তদন্ত কৰিছিল বা নকৰিছিল সেয়া বেলেগ কথা, কিন্তু মই অসমৰ ৰাইজক অনুৰোধ কৰিম – সেই কাম কৰিবলৈ অহা ছোৱালীজনী মোৰ ছোৱালীয়ে নহয় জানো।

  • Share this:
আজি খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত স্থান পালে ঢেকীয়াজুলিৰ ঘটনাই। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মই তিনিদিন আগত শোণিতপুৰৰ এখন ভিতৰুৱা গাঁৱলৈ গৈছিলো। উদ্দেশ্য আছিল, দৰঙৰ ধূলাত অঞ্জলি তিৰু নামৰ এগৰাকী বনকৰা ছোৱালী হত্যাৰ বুজ লোৱা।পৰৱৰ্তী সময়ত আৰক্ষীৰ গাফিলতি। চৰজমিন তদন্ত কৰিবলৈ মই ঢেকীয়াজুলিৰ গাঁৱলৈ গৈছিলো। গাঁওখনলৈ গৈ মই শুনিছিলো, কিধৰণে ১৩ বছৰীয়া বনকৰা কিশোৰীগৰাকীক মালিকে অত্যাচাৰ কৰিছিল, মালিক মানে যাৰ ঘৰত ছোৱালীজনীক কাম কৰিবলৈ লৈ যোৱা হৈছিল। তাইৰ ডিঙিত আঘাতৰ চিন আছিল, চকু উখহি আছিল।’’

মুখ্যমন্ত্ৰীয়ে কয়, আৰক্ষীয়ে কি তদন্ত কৰিছিল বা নকৰিছিল সেয়া বেলেগ কথা, কিন্তু মই অসমৰ ৰাইজক অনুৰোধ কৰিম – সেই কাম কৰিবলৈ অহা ছোৱালীজনী মোৰ ছোৱালীয়ে নহয় জানো। ৰাজ্যবাসীয়ে মনত ৰাখিব লাগিব যে কাৰোবাৰ ঘৰত যদি বনকৰা ছোৱালী আনো, সেই ছোৱালীজনী বা ল’ৰাটোৱেও মোৰ ল’ৰা বা ছোৱালীয়ে ঘৰত যি মৰম পায়, সেই মৰম আমি দিব পাৰিব লাগিব। শিশু শ্ৰমিক আমি নাৰাখো। ১৪ বছৰৰ ওপৰত যদি আমি কাৰোবাক ৰাখো, সেই ছোৱালীজনী বা ল’ৰাজন শোষণৰ বলি হ’ব নোৱাৰে। বৰঞ্চ মোৰ ল’ৰাজন বা ছোৱালীজনী যিখন স্কুলত পঢ়িব, সেই একেখন স্কুলতে সেই বনকৰা ছোৱালীজনী বা ল’ৰাজনক পঢ়ুৱাবলৈও শক্তি আৰু সাহস থাকিব লাগিব। একেই ১৪ বছৰীয়া ছোৱালী স্কুললৈ যাব, আৰু আনজনী ১৪ বছৰীয়া ছোৱালীয়ে ঘৰত বাচন ধুব, তেনেকুৱা এখন সমাজ আমাক নালাগে। তেনেকুৱা এখন সমাজে আধুনিক জাতি নিৰ্মাণ নকৰে। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম, হাতযোৰ কৰিম অনুৰোধ কৰিম, আপোনালোকে যেন ঘৰত কাম কৰিবলৈ অনা ছোৱালীজনীক নিজৰ ছোৱালীজনীৰ দৰেই মৰম দিয়ে। ঘৰত কাম কৰিবলৈ অনা ল’ৰাজনক যাতে শিক্ষাৰে বিভূষিত কৰে। আপোনালোকে সেই পিতৃ–মাতৃৰ দুৰ্দশা আৰু দৰিদ্ৰতাক সন্মান কৰিব। তেওঁলোকৰ সন্তানকো মানৱ সম্পদৰূপে নিৰ্মাণ কৰিব। চৰকাৰ কঠোৰ হ’ব, চৰকাৰে ইয়াৰ বাবে বিশেষ আইন আনিব, যিকোনো ১৪ বছৰীয়া ছোৱালীৰ মৃত্যুৰ শাস্তি ফাঁচিলৈ ৰূপান্তৰ কৰিবৰ বাবে চৰকাৰে আইনৰ সংশোধন কৰিব। কিন্তু চৰকাৰে আইন সংশোধন কৰাৰ লগে লগে ই এক সামাজিক আন্দোলনলৈ ৰূপান্তৰ হ’ব লাগিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি