
File Photo
চৰকাৰী কৰ্মচাৰীক সততা, ন্যায় আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চৰকাৰী কৰ্মচাৰীৰ দুৰ্নীতিৰ কথা উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী কৰ্মচাৰীক সততা, ন্যায় আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোৱা কেইটামান দিনত আমি দেখা পাইছো যে চৰকাৰী কাৰ্যালয়বোৰত দুৰ্নীতিৰ অভিযোগত টকা লৈ থাকোতে হাতে–লোটে ধৰা পৰিছে। কিহৰ টকা, কাৰোবাৰ পেঞ্চনৰ টকা, কাৰোবাৰ অনুজ্ঞাপত্ৰৰ টকা, কাৰোবাৰ ৰেচনৰ টকা। যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে মানুহক শোষণ কৰে, যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিটো কথাতে ধন দাবী কৰে, সেইখন অসম জ্যোতিপ্ৰসাদৰ কল্পনাৰ অসম নহয়। সেইখন অসম বিষ্ণু ৰাভাৰ কল্পনাৰ অসম নহয়। সেই অসম গোপনীথ বৰদলৈৰ কল্পনাৰ অসম নহয়। মই অসমৰ চৰকাৰী কৰ্মচাৰীসকলক সততা, ন্যায় আৰু সামাজিক ন্যায়ৰ এক প্ৰতিমূৰ্তি হ’বলৈ এই তিৰংগ পতাকাৰ তলৰ পৰাই আহ্বান জনাইছো।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|