
আলফা স্বাধীনক আলোচনাৰ মেজলৈ আহিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।
আলফা স্বাধীনক আলোচনাৰ মেজলৈ আহিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।
আজি খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে আলফা স্বাধীনৰ প্ৰসংগও। আলফা স্বাধীনক আলোচনাৰ মেজলৈ আহিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘স্বাধীন অসমৰ কল্পনা কৰাসকলক অসমবাসীয়ে দেখুৱাই দিলে। যোৱা তিনিদিনত অসমবাসীয়ে দেখুৱালে দেশপ্ৰেম। ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে নন নিগোচিয়েবল। আমি ইয়াৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। স্বাধীন অসমৰ সপোন দেখাসকলে এক শিক্ষা পালে। যোৱা তিনিদিনত এই শিক্ষা পালে তেওঁলোকে। আলাপ–আলোচনাৰ মঞ্চলৈ উভতি আহক। মান–মৰ্যাদা, স্বাভিমানৰ ভিত্তিত আলোচনা কৰিম।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|