
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যোৱা কেইটামান দিন আগত টিভিত দেখা পাইছিলো যে এজন লোকে আন এটা সম্প্ৰদায়ৰ ছোৱালী এজনীক ২০ বছৰ পূৰ্বে বিয়া কৰোৱা বাবে লোকজনৰ যেতিয়া মৃত্যু হ’ল, সেই মৃতদেহ চুবলৈ সৎকাৰ কৰিবলৈ গাঁৱৰ ৰাইজ ওলাই নাহিল।’’
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যোৱা কেইটামান দিন আগত টিভিত দেখা পাইছিলো যে এজন লোকে আন এটা সম্প্ৰদায়ৰ ছোৱালী এজনীক ২০ বছৰ পূৰ্বে বিয়া কৰোৱা বাবে লোকজনৰ যেতিয়া মৃত্যু হ’ল, সেই মৃতদেহ চুবলৈ সৎকাৰ কৰিবলৈ গাঁৱৰ ৰাইজ ওলাই নাহিল।’’
স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি দিয়া ভাষণত শেহতীয়াকৈ দৰঙত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যোৱা কেইটামান দিন আগত টিভিত দেখা পাইছিলো যে এজন লোকে আন এটা সম্প্ৰদায়ৰ ছোৱালী এজনীক ২০ বছৰ পূৰ্বে বিয়া কৰোৱা বাবে লোকজনৰ যেতিয়া মৃত্যু হ’ল, সেই মৃতদেহ চুবলৈ সৎকাৰ কৰিবলৈ গাঁৱৰ ৰাইজ ওলাই নাহিল। আমি সেইখন অসমত বাস কৰো নেকি, যিখন অসমত উচ্চ–নীচৰ প্ৰভাৱ আছে? মৃতদেহত মানুহৰ জাতি থাকে নেকি? মৃত শৰীৰে কোনোবা বামুণ, কলিতা, কোঁচক চিনাক্ত কৰিব পাৰে? মৃতদেহৰ ওপৰতো এনে অবৰ্ণনীয় ভূমিকাই আমাৰ জাতিটোক এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য কৰাইছে যে আমি ক’ত থিয় হৈ আছো। আমি কোনখন অসমত বাস কৰি আছো। মই মঙলদৈৰ সেই ঘটনাক মই তিৰংগ পতাকাৰ তলত থিয় হৈ গৰিহণা দিছো। কিন্তু গৰিহণা শব্দ হ’ব নোৱাৰে। সংশোধন আটাইতকৈ ডাঙৰ মন্ত্ৰ হ’ব লাগিব।’’
‘‘মই অসমৰ গাঁৱে–ভূঞে থকা ৰাইজক আহ্বান জনাম, আমাৰ বিশাল সনাতন সভ্যতা–সংস্কৃতিয়ে সংকটৰ মাজেৰে গতি কৰিছে কেৱল জাতিভেদ, উচ্চ–নীচৰ ব্যৱস্থাৰ বাবে। এই উচ্চ–নীচ ব্যৱস্থা যদি নাথাকিলেহেঁতেন, জাতিভেদ প্ৰথা যদি নাথাকিলেহেঁতেন, আমাৰ ভাৰত সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে সদায় পৃথিৱীৰ বুকুত জিলিকি থাকিব পাৰিলেহেঁতেন। অসমৰ পৰাই আমি আৰম্ভ কৰিম, উচ্চ নীচৰ ভেদাভেদ আমি আঁতৰাই দিম। প্ৰতিগৰাকী ব্যক্তিৰ বিপদৰ সময়ত তেওঁৰ কাষত থিয় হ’ম। মানৱীয় প্ৰমূল্যৰে অসমখনক জাগ্ৰত কৰি তুলিম।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|