ৰাজ্যত কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ২০০৫ বৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে জৰ্জ খেলপথাৰত কেন্দ্ৰীয় ভাবে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস ৷ এইবাৰ স্বাধীনতা দিৱস উদযাপনস্থলীলৈ গলে আপুনি মানি চলিব লাগিব কেইবাটাও নীতি নিয়ম ৷
এইবাৰ স্বাধীনতা দিৱসৰ পেৰেডত অসম আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ বাহিৰে আন সকলে অংশগ্ৰহণ কৰিব নোৱাৰিব ৷
নাথাকিব কোনোধৰণৰ সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান ৷ পেৰেডত অংশগ্ৰহণ কৰিব লগা আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ প্ৰতিজন বিষয়া জোৱানৰ কৰা হ’ব কোভিড 19 পৰীক্ষা।
নিমন্ত্ৰিত অতিথি সমূহেও মানি চলিব লাগিব সামাজিক দুৰত্ব ৷ প্ৰত্যেক গেটত থাকিব হেণ্ড চেনিটাইজাৰ , ‘inferred Thermometer’ ৷
সাধাৰণ দৰ্শকৰ বাবেও দিয়া হৈছে বিশেষ নীতি নিৰ্দেশনা ৷ সাধাৰণ দৰ্শকেও মানিব লাগিব কেইবাটাও নীতি নিৰ্দেশনা ৷ দৰ্শকে মানি চলিব কোভিড19ৰ সকলো নীতি নিৰ্দেশনা ৷ তাৰ লগতে পেৰেড উপভোগ কৰাৰ সময়ছোৱাত মানি চলিব লাগিব সামাজিক ব্যৱধান।
ইয়াৰ সমান্তৰালকৈ স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে কোনো উগ্ৰপন্থী সংগঠনে কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণেও মহানগৰ আৰক্ষীয়ে লৈছে বিশেষ ব্যৱস্থা ৷
"গুৱাহাটীত বৰ্তমান সময়ত কোনো ভাবুকি নাই কিন্তু উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠন কেইটাই গুৱাহাটীত কূটাঘাট চলাবলৈ সদায় চেষ্টা কৰি কৰি আহিছে ৷ যাৰ বাবে জৰ্জ খেলপথাৰত কৰা হৈছে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা। "
আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই news18 ৰ আগত কৰা মন্তব্য অনুসৰি এইবাৰ স্বাধীনতা দিৱস উগ্ৰপন্থীৰ ভাবুকিতকৈ বেছি কোভিড 19ৰ সুৰক্ষাত বেছি গুৰুত্ব দিছে ৷
Published by: Himangshu Bhuyan
First published: August 12, 2020, 21:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|