স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে।
স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে।
সমগ্ৰ বিশ্বতে কোৰোণা মহামাৰীৰ আতংক। তাৰ মাজতে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো অনুষ্টুপীয়াকৈ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়।
স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে। মহকুমাধিপতিগৰাকীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰঙিয়া মহকুমাৰ প্ৰতিটো বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমুহৰ এক খাতিয়ান দাঙি ধৰে।
ইয়াৰ পিছতে মহকুমাধিপতিগৰাকীয়ে অসম আৰক্ষী, এন চি চিৰ অভিবাদন গ্ৰহণ কৰে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালি তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|