মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Independence Day 2021: স্বাধীনতা দিৱস উদযাপনৰ বাবে জাৰি কৰা হ'ল নতুন SOP, জানি লওক সবিশেষ

Independence Day 2021: স্বাধীনতা দিৱস উদযাপনৰ বাবে জাৰি কৰা হ'ল নতুন SOP, জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:August 13, 2021, 4:09 PM IST
Independence Day 2021: স্বাধীনতা দিৱস উদযাপনৰ বাবে জাৰি কৰা হ'ল নতুন SOP, জানি লওক সবিশেষ
অতিমাৰীৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে স্বাধীনতা দিৱস উপলক্ষ্যে এখন নতুন SOP প্ৰকাশ কৰিছেঃ

অতিমাৰীৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে স্বাধীনতা দিৱস উপলক্ষ্যে এখন নতুন SOP প্ৰকাশ কৰিছেঃ

  • Share this:
ক'ভিড (Covid19)সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশবাসী সাজু হৈ উঠিছে ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ৷ খানাপাৰাতো ক'ভিড প্ৰ'ট'কলৰ মাজত কিছু ব্যতিক্ৰম ৰূপত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস (Independence Day 2021) পালনৰ বাবে সাজু হৈ উঠিছে চৰকাৰ তথা প্ৰশাসন। পিছে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হ’ব।

অতিমাৰীৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে স্বাধীনতা দিৱস উপলক্ষ্যে এখন নতুন SOP প্ৰকাশ কৰিছেঃ


  •  SOP অনুসৰি ৰাজ্যিক ভিত্তিত মুকলি ঠাইত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সৰ্বাধিক ১৫০০ গৰাকী লোকে অংশ ল’ব পাৰিব।

  • জিলা ভিত্তিত মুকলি ঠাইত অনুষ্ঠিত কৰা স্বাধীনতা দিৱৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০ গৰাকী লোক উপস্থিত থাকিব পাৰিব।

  • মহকুমা ভিত্তিত কোনো মুকলি স্থানত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সৰ্বাধিক ৩০০ লোক উপস্থিত থাকিব পাৰিব।  আন স্থানত অনুষ্ঠিত কৰা অনুষ্ঠানত সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব।

  • কোনো বন্ধ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানত প্ৰেক্ষাগৃহৰ আসমৰ সংখ্যাৰ ৫০ শতাংশ লোক অথবা সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব।


  •  স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী আৰু আন লোকসকলক কাৰ্ফিউৰ পৰা ৰেহাই দিয়াৰ লগতে বাহনৰ যুগ্ম-অযুগ্ম ব্যৱস্থাৰ পৰাও ৰেহাই দিয়া হ’ব।

  • সকলোৱে কোভিড বিধি যেনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব  মানি চলা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি নিয়ম সমূহ মানি চলিব লাগিব।

Published by: Himangshu Bhuyan
First published: August 13, 2021, 4:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি