প্ৰাদেশিকীকৰণ হ’ব উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ, স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা মুখ্যমন্ত্ৰীৰ

১০০০ ক্ৰীড়াবিদক দিয়া হ’ব ৫০ হাজাৰকৈ টকা। বৰাক উপত্যকাত মিনি সচিবালয় নিৰ্মাণৰ পদক্ষেপৰ কথাও ভাষণত উল্লেখ কৰে সোণোৱালে।

News18-Assam
Updated:August 15, 2019, 11:38 AM IST
প্ৰাদেশিকীকৰণ হ’ব উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ, স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা মুখ্যমন্ত্ৰীৰ
১০০০ ক্ৰীড়াবিদক দিয়া হ’ব ৫০ হাজাৰকৈ টকা। বৰাক উপত্যকাত মিনি সচিবালয় নিৰ্মাণৰ পদক্ষেপৰ কথাও ভাষণত উল্লেখ কৰে সোণোৱালে।
News18-Assam
Updated: August 15, 2019, 11:38 AM IST
খানাপাৰাত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰাদেশিকীকৰণ কৰা হ’ব ৰাজ্যৰ অপ্ৰাদেশিকীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ। ১০০০ ক্ৰীড়াবিদক দিয়া হ’ব ৫০ হাজাৰকৈ টকা। বৰাক উপত্যকাত মিনি সচিবালয় নিৰ্মাণৰ পদক্ষেপৰ কথাও ভাষণত উল্লেখ কৰে সোণোৱালে। ৰাজ্যত মেধাৰ ভিত্তিত সংস্থাপন দিয়া হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, ২০১৭-১৮ বৰ্ষত ৭০ হাজাৰ কোটি টকা উন্নয়ন খণ্ডত ব্যয় কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – ৰাজ্যত ১০ কোটি গছ পুলি ৰোপণৰ ব্যৱস্থা কৰিছে চৰকাৰে। ২০১৮ৰ পৰা ৰাজহুৱা ব্যক্তিগত ব্যয় হৈছে ৫৩ হাজাৰ কোটি টকা। বিশ্ব বিনিয়োগ সন্মিলনৰ ফলশ্ৰুতিত এই নিয়োগ সম্ভৱ হৈছে বুলি মন্তব্য কৰে সোণোৱালে।

১ লাখ গৃহত অনাময় আঁচনি কাৰ্যকৰী কৰাৰ ঘোষণা সোণোৱালৰ। ৰাজ্যৰ ১ হাজাৰ কাঠৰ দলং পকী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। ১০ হাজাৰ গাঁৱত পৰ্যায়ক্ৰমে লঘু বাহন সেৱা আৰম্ভ কৰাৰ ঘোষণা। ছাত্ৰীসকলৰ বাবে চেনিটেৰী নেপকিন যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি