এশিঙীয়া গঁড়ৰ সুৰক্ষা চৰকাৰৰ জাতীয় দায়িত্ব, ১ লাখ ভূমিহীন লোকক প্ৰদান কৰা হ’ব ভূমিপট্টা : মুখ্যমন্ত্ৰী

১ লাখ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

News18-Assam
Updated:August 15, 2019, 11:34 AM IST
এশিঙীয়া গঁড়ৰ সুৰক্ষা চৰকাৰৰ জাতীয় দায়িত্ব, ১ লাখ ভূমিহীন লোকক প্ৰদান কৰা হ’ব ভূমিপট্টা : মুখ্যমন্ত্ৰী
১ লাখ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
News18-Assam
Updated: August 15, 2019, 11:34 AM IST
সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ খানাপাৰাতো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় ৭৩সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তোলন কৰে স্বাধীনতা দিৱসৰ পতাকা। ভাষণৰ আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে শ্বহীদসকলক স্মৰণ কৰে মুখ্যমন্ত্ৰীয়ে। শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতালৈও জনালে শ্ৰদ্ধা। ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমৰ ৫৫ হাজাৰ কৰ্মচাৰী NRCত নিয়োজিত হৈ আছে। অসমৰ লোকৰ সুৰক্ষা নিশ্চিতকৰণ আমাৰ দায়িত্ব। সুধাকণ্ঠক ভাৰতৰত্ন প্ৰদানৰ বাবে মোদীক ধন্যবাদ জনালে সোণোৱালে। মোদীয়ে ৰাজ্যবাসীৰ আকাংক্ষাক বাস্তৱ ৰূপ দিলে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিজৰ ভাষণত সোণোবালে কয় – এয়া সন্ত্ৰাসবাদীৰ সময় নহয়, সময় সলনি হৈছে। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। ১ লাখ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে ৯০০ৰো অধিক গাঁৱৰ জৰীপ কৰা হৈছে বুলি মন্তব্য সোণোৱালৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে এশিঙীয়া গঁড়ৰ সুৰক্ষা চৰকাৰৰ জাতীয় দায়িত্ব। সত্ৰ-নামঘৰৰ ভূমি দখলমুক্তৰ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ কাম চলি আছে। অসম দৰ্পন আঁচনিৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাষাৰ সুৰক্ষাৰ বাবে চৰকাৰে লৈছে ভাষা গৌৰৱ আঁচনি।

কৰিমগঞ্জত আভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। চিকিৎসা মহাবিদ্যালয়ো স্থাপন কৰা হ’ব কৰিমগঞ্জত। বিটিচিৰ জিলাৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথাও ভাষণত উল্লেখ কৰে সোণোৱালে। বানৰ পৰা সুৰক্ষাৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ ভাষণত। প্ৰবাসী অসমীয়াৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি