ফেচবুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুলীয়াই মৰাৰ ভাবুকি সুৰজিৎ হৰ্ষ নামৰ এজনৰ, দিছপুৰ থানাত গোচৰ ৰুজু

সুৰজিৎ হৰ্ষৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছে অধিবক্তা বেণুধৰ নাথে।

News18-Assam
Updated:October 24, 2019, 12:01 PM IST
ফেচবুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুলীয়াই মৰাৰ ভাবুকি সুৰজিৎ হৰ্ষ নামৰ এজনৰ, দিছপুৰ থানাত গোচৰ ৰুজু
সুৰজিৎ হৰ্ষৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছে অধিবক্তা বেণুধৰ নাথে।
News18-Assam
Updated: October 24, 2019, 12:01 PM IST
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক পোষ্ট সুৰজিৎ হৰ্ষ নামৰ এজনৰ। পিষ্টল পালে মুখ্যমন্ত্ৰীক গুলীয়াই মৰাৰ ভাবুকিৰে ফেচবুকত পোষ্ট কৰিছিল যুৱকজনে। পোষ্টটোত প্ৰয়োগ কৰিছিল বহু অশ্লীল শব্দও। ঘটনা সন্দৰ্ভত সুৰজিৎ হৰ্ষৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছে অধিবক্তা বেণুধৰ নাথে।

উল্লেখযোগ্য যে সুৰজিৎ হৰ্ষে ফেচবুক একাউণ্টত নিজকে এটা ব্যক্তিগত চেনেলত কৰ্মৰত বুলি উল্লেখ কৰিছে। তদুপৰি গোৰেশ্বৰ কলেজত অধ্যয়ন কৰিছিল বুলিও যুৱকজনৰ ফেচবুক একাউণ্টত উল্লেখ আছে।

মুখ্যমন্ত্ৰীক ভাবুকি দি কৰা পোষ্ট


যুৱকজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি