உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিধায়িকা আঙুৰলতাৰ বিৰুদ্ধে চৰম অশ্লীল মন্তব্য দিয়া ২ যুৱকক গ্ৰেপ্তাৰ

    বিধায়িকা আঙুৰলতাৰ বিৰুদ্ধে চৰম অশ্লীল মন্তব্য দিয়া ২ যুৱকক গ্ৰেপ্তাৰ

    "আন্ধাৰৰ আঁৰত জোনাক" নামৰ এটা ফেচবুক পেজৰ জৰিয়তে এই দুই যুৱকে দিয়া পোষ্ট ইমানেই অশ্লীল আছিল যে সভ্য মানুহেই দেখিলেই ঘৃণাত নাক কোচাইছিল।

    • Share this:
    বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে চৰম অশ্লীল মন্তব্য দিয়া ২ লম্পটক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই ডুমডুমাৰ পৰা অভিনন্দন নাথ আৰু পুৰণিগুদাম আউনীআটিৰ পৰা গম্ভীৰ বৰা নামৰ দুই লম্পটক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে "আন্ধাৰৰ আঁৰত জোনাক" নামৰ এটা ফেচবুক পেজৰ জৰিয়তে এই দুই যুৱকে দিয়া পোষ্ট ইমানেই অশ্লীল আছিল যে সভ্য মানুহেই দেখিলেই ঘৃণাত নাক কোচাইছিল।

    বটদ্ৰৱাৰ বিধায়িকাগৰাকীৰ বিৰুদ্ধে দিয়া এনে অশ্লীল মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে সমষ্টিৰ ৰাইজ। ইয়াৰ পিছতে আঙুৰলতা ডেকাৰ কেইগৰাকীমান শুভাকাংক্ষীয়ে শীঘ্ৰে নগাঁও আৰক্ষীক বিহিত ব্যৱস্থা লোৱাৰ দাবীৰে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই দুই লম্পটক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে। নগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই ‘আন্ধাৰৰ আঁৰত জোনাক’ নামৰ পেজটোৰ বিৰুদ্ধেও তদন্ত কৰাৰ লগতে এই পেজটোও বন্ধ কৰি দিছে।
    First published: