• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ-পূবত ভয়ংকৰ গতিত বৃদ্ধি কৰ্কট ৰোগীৰ সংখ্যা, কামৰূপত প্ৰতি ৪জন পুৰুষৰ ভিতৰত ১ জনৰ কৰ্কট ৰোগ হোৱাৰ তথ্য

উত্তৰ-পূবত ভয়ংকৰ গতিত বৃদ্ধি কৰ্কট ৰোগীৰ সংখ্যা, কামৰূপত প্ৰতি ৪জন পুৰুষৰ ভিতৰত ১ জনৰ কৰ্কট ৰোগ হোৱাৰ তথ্য

বিশ্ব কৰ্কট দিৱস উপলক্ষে ‘Indian Council for Medical Research (ICMR)’ৰ দ্বাৰা পৰিচালিত বেংগালুৰুস্থিত ‘National Centre for Disease Informatics and Research’-এ মুকলি কৰিছে এখন গৱেষণামূলক প্ৰতিবেদন।

  • Share this:
আজি (৪ ফেব্ৰুৱাৰী) বিশ্ব কৰ্কট দিৱস উপলক্ষে ‘Indian Council for Medical Research (ICMR)’ৰ দ্বাৰা পৰিচালিত বেংগালুৰুস্থিত ‘National Centre for Disease Informatics and Research’-এ মুকলি কৰিছে এখন গৱেষণামূলক প্ৰতিবেদন। ICMRৰ সঞ্চালক প্ৰধান প্ৰফেচৰ বলৰাম ভাৰ্গবে মুকলি কৰা ‘Profile of Cancer Related Health Indicator in the Northeast Region of India' শীৰ্ষক প্ৰতিবেদন খনত কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । প্ৰতিবেদন প্ৰকাশ কৰা মতে, ২০২৫চনলৈ উত্তৰ-পূবত নতুন কৰ্কট ৰোগীৰ সংখ্যা হ’বগৈ ৫৭,১৩১জন । ২০২০চনত এই সংখ্যা আছিল ৫০,৩১৭জন।

এই তথ্য আহৰণ কৰা হৈছে অঞ্চলটোত থকা ১১খন স্বতন্ত্ৰ কৰ্কট পঞ্জীয়ন কেন্দ্ৰ আৰু ৭খন চিকিৎসালয়ৰে সংযুক্ত কৰ্কট পঞ্জীয়ন কেন্দ্ৰৰ পৰা। প্ৰতিবেদন মুকলি কৰি এই কেন্দ্ৰ   সমূহক ভূয়সী প্ৰশংসা কৰে ভাৰ্গবে । তেওঁ কয় – এই কেন্দ্ৰ সমূহে সংগ্ৰহ কৰা কৰ্কট ৰোগী সম্বন্ধীয় তথ্যই অঞ্চলটোত স্বাস্থ্যৰ আন্তঃগাঠনি গঢ়ি তোলাত সহায়ক হৈছে ।

আনহাতে সংবাদ প্ৰতিষ্ঠান ANIয়ে ICMRৰ উদ্ধৃতি দি কৰা এটা টুইটত কোৱা হৈছে – কামৰূপ মহানগৰ জিলাত প্ৰতি এটা জীৱনকালত ৪জন পুৰুষৰ ভিতৰত এজনৰ শৰীৰত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে । মহিলাৰ ক্ষেত্ৰত এই পৰিসংখ্যা হৈছে ৬গৰাকীৰ এগৰাকী ।

উল্লেখযোগ্য যে, মণিপুৰ আৰু ছিকিমক বাদ দি বাকীকেইখন ৰাজ্যত মহিলাতকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱা পুৰুষৰ সংখ্যা বেছি। প্ৰতিবেদনত উল্লেখ কৰা মতে, পুৰুষসকলৰ খাদ্যনলী আৰু হাওঁফাওঁত কৰ্কট ৰোগে দেখা দিয়ে। সেইদৰে মহিলা স্তন আৰু cervix uteriত এই ৰোগে দেখা দিয়ে । এতিয়ালৈ আইজলত গড় হিচাপত সৰ্বাধিক পুৰুষ কৰ্কট ৰোগত আক্রান্ত হোৱা দেখা গৈছে। অৰুণাচলৰ পাপুমপাৰে জিলাত গড় হিচাপত সৰ্বাধিক মহিলা এই ৰোগত আক্রান্ত।
Published by:Himangshu Bhuyan
First published: