অসমৰ এখন আচৰিত দলং! যিখন দলঙেৰে গৈ থাকিলেও নৈ পাৰ হ'ব নোৱাৰে আপুনি। এই আচৰিত দলংখন আছে বঙাইগাঁও জিলাত।
বঙাইগাঁৱত দহ বছৰে সম্পূৰ্ণ নহ’ল এখন দলং ৷ জিলাখনৰ বৰঘোলাৰ পৰা কলগাছিয়া সংযোগী ৪০ কোটি ৪৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন অৰ্ধ সম্পূৰ্ণ হৈ পৰি আছে ৷ আই নৈৰ ওপৰত নিৰ্মিয়মান দলংখনৰ দুয়োপাৰ সংযোগ নোহোৱাৰ ফলত ৰাইজৰ যাতায়ত সম্ভৱপৰ হৈ উঠা নাই ৷
বিজ্ঞান সন্মতভাৱে প্ৰতিৰোধী আঁচনি গ্ৰহণ নকৰাৰ ফলত নৈখনে গতি পথ সলনি কৰাৰ ফলত দলংখনৰ দুয়োপাৰ সংযোগ কৰাত সমস্যা আহি পৰিছে ৷ বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ মইমতালি আৰু হেমাহিৰ বাবে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো দলংখন ব্যৱহাৰৰ অনুপোযোগী হৈ পৰি আছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷
উল্লেখ্য যে ২০১১ চনৰ ২৩ জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰি আঢ়ৈ বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ সুপৰিকল্পনাৰ অভাৱত এয়া ভেকোঁভাওনাত পৰিণত হৈছে ৷
বঙাইগাঁও আৰু বৰপেটা জিলা সংযোগী এই দলংখন সম্পূৰ্ণ হৈ নুঠাৰ ফলত ৰাইজে নাওৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আনহাতে অৰ্ধ নিৰ্মিত দলংখনৰে যান বাহনৰ চলৰচল আৰম্ভ নৌহতেই এটা অংশ তললৈ বহি যোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : August 23, 2021, 09:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।