• Home
  • »
  • News
  • »
  • assam
  • »
  • Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ আজাদী কা অমৃত মহোৎসৱ, 'সংস্কৃত আৰু বিজ্ঞান' শীৰ্ষক প্ৰদৰ্শনী

Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ আজাদী কা অমৃত মহোৎসৱ, 'সংস্কৃত আৰু বিজ্ঞান' শীৰ্ষক প্ৰদৰ্শনী

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰহ্লাদ আৰ যোশী। 

  • Share this:
ভাৰতবৰ্ষই স্বাধীনতা লাভৰ ৭৫তম বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ। এই উপলক্ষে দেশৰ সকলো সংস্কৃত প্ৰতিষ্ঠানসমূহে পালন কৰিছে সংস্কৃত সপ্তাহৰ।

ব্যতিক্ৰম নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক সংস্কৃত বিভাগো। সংস্কৃত ভাৰতী, গুৱাহাটীৰ মহানগৰৰ সহযোগত বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগে আজিৰে পৰা উদযাপন কৰিছে সংস্কৃত সপ্তাহৰ।

বিশ্ববিদ্যালয়ৰ নতুন একাডেমিক বিল্ডিঙৰ প্ৰেক্ষাগৃহত আজি সংস্কৃত সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰহ্লাদ আৰ যোশী।

উল্লেখ্য যে সংস্কৃত সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত সংস্কৃতং বিজ্ঞানং চঃ অৰ্থাৎ সংস্কৃত আৰু বিজ্ঞান নামৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনী অনাগত ৭ দিন চলাৰ লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী অব্যাহত থাকিব বুলি বিভাগীয় মুৰব্বী ড৹ সুদেশনা ভট্টাচাৰ্যই জনায়।

মন কৰিবলগীয়া যে আজিৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।
Published by:Gautam Barman
First published: